ক'ভিড ফবিয়াৰ বাবে সংঘটিত হৈছে কৰুণ ঘটনা। দুর্ভাগ্যৰ কথা যে এই ঘটনা সংঘটিত কৰিছে আগশাৰীৰ কভিড যুঁজাৰু ৰূপে পৰিচিত স্বয়ং চিকিৎসকে। শুকুৰবাৰে চিকিৎসকগৰাকীয়ে কৰা তিনিটা হত্যাকাণ্ডই কানপুৰ (Kanpur)ক জোকাৰি যায়।
ঘটনাৰ বিৱৰণি অনুযায়ী, ৰামা চিকিৎসা মহাবিদ্যালয়ৰ ফৰেনছিক মেডিচিন বিভাগৰ মুৰব্বী ডাঃ সুশীল কুমাৰে কল্যাণপুৰ অঞ্চলৰ ডিভিনিটি এপাৰ্টমেণ্টৰ এটা ফ্লেটত তেওঁৰ পত্নী আৰু দুই সন্তানক হত্যা কৰে। ঘটনাটোৰ পিছত আৰক্ষীয়ে চিকিৎসকৰ কোঠাৰ পৰা কেইবা পৃষ্ঠাৰ নোট উদ্ধাৰ কৰিছে।
এই টোকা অনুসৰি, ক'ভিড সম্পৰ্কীয় হতাশা বা ফোবিয়াত ভুগিছিল চিকিৎসকগৰাকী। ৫০ বছৰীয়া ডাঃ সুশীল কুমাৰৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা ডায়েৰীখনত লিখা কেইবাটাও পৃষ্ঠাৰ টোকাত একেধৰণৰ কথাই আছে। আৰক্ষীয়ে জনাই যে ডাঃ সুশীল (Doctor Sushil Kumar) যথেষ্ট হতাশাত আছিল। তেওঁ ক'ভিডৰ নতুন প্ৰকাৰ ( new variant of covid-19) অ'মিক্ৰনক লৈ ইমানেই চাপত আছিল যে তেওঁ ভাবিছিল যে জীৱন আৰু ৰক্ষা নহ'ব। গতিকে তেওঁ এনেকুৱা এটা পদক্ষেপ লৈছিল।
ডাঃ সুশীলে টোকাটোত আৰু লিখিছিল- ''... মই মোৰ পৰিয়ালক দুখত এৰিব নোৱাৰোঁ। মই সকলোকে মুক্তিৰ পথত এৰি আছোঁ। মই এটা মুহূৰ্তত সকলো কষ্ট আঁতৰ কৰি আছোঁ। মই কাৰো দুখত চাব নিবিচাৰো। মোৰ আত্মাই মোক কেতিয়াও ক্ষমা নকৰে। শুভবিদায়।''
ডায়েৰীত ডাঃ সুশীলে তেওঁৰ পৰিয়ালৰ হত্যাৰ লগতে অন্যান্য বিষয়ৰ কথাও উল্লেখ কৰিছে৷ তেওঁ কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ বিষয়েও বিতংভাৱে লিখে।
আৰক্ষীয়ে বৰ্তমান সুশীলৰ সন্ধানত আছে। সম্ভাব্য এলেকাবোৰত তালাচী চলাইছে। ডাঃ সুশীলে তেওঁৰ ভায়েকক মেচেজ কৰাৰ পিছত তেওঁৰ ম'বাইলটো বন্ধ কৰি দিছে, যাতে তেওঁৰ অৱস্থান বিচাৰি উলিয়াব নোৱাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|