உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Viral Video : কেতিয়াবা যদি গৰুৱে খায় উত্তৰ বহী কেতিয়াবা ছাগলীয়ে খায় চৰকাৰী ফাইল, চাওক ভাইৰেল ভিডিঅ'

    Viral Video : কেতিয়াবা যদি গৰুৱে খায় উত্তৰ বহী কেতিয়াবা ছাগলীয়ে খায় চৰকাৰী ফাইল, চাওক ভাইৰেল ভিডিঅ'

    Viral Video : এইবাৰ এটা ছাগলীয়ে চৰকাৰী ফাইল খাই কৰ্মচাৰীৰ দায়িত্বহীনতা উদঙাই দিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।

    Viral Video : এইবাৰ এটা ছাগলীয়ে চৰকাৰী ফাইল খাই কৰ্মচাৰীৰ দায়িত্বহীনতা উদঙাই দিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।

    Viral Video : এইবাৰ এটা ছাগলীয়ে চৰকাৰী ফাইল খাই কৰ্মচাৰীৰ দায়িত্বহীনতা উদঙাই দিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।

    • Share this:
    কেইবছৰমান পূৰ্বে অসমত গৰুৱে মেট্ৰিক পৰীক্ষাৰ উত্তৰবহী খোৱা কাণ্ডই ৰাজ্য জোঁকাৰি গৈছিল। চৰকাৰী অফিচত এনে কাণ্ড নিতান্তই অক্ষমণীয়। এইবাৰ এটা ছাগলীয়ে চৰকাৰী ফাইল খাই কৰ্মচাৰীৰ দায়িত্বহীনতা উদঙাই দিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। এনে কাণ্ডত কেনে লাগিব আপোনাৰ, হাঁহিবই নে কান্দিবই!

    পঞ্চায়ত কাৰ্যালয় চৌহদ এটাত এটা ছাগলীয়ে দৌৰাই দৌৰাই মগুৰা-নাকতি ছিঙিছে এজন কৰ্মচাৰীৰ। কৰ্মচাৰীজনে খেদি খেেদি গৈছে ছাগলীটো। কাৰণ ছাগলীটোৱে মুখত লৈ গৈছে পঞ্চায়ত কাৰ্যালয়ৰ ফাইলৰ কাগজ। পঞ্চায়ত কৰ্মচাৰীয়ে শীতৰ দিনত ৰ'দৰ আমেজ লৈ থাকোঁতেই ছাগলীটোৱে খাই পেলাইছিল ফাইলৰ কাগজ। ঠাণ্ডাৰ কাৰণে বাহিৰতে ৰ'দ পৰা ঠাইত টেবুল-চকী লৈ কাম কৰি আছিল পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে। তেতিয়াই সংঘটিত হয় এই আজৱ কাণ্ড। পিছত যেনিবা দেখা পাই খেদি খেদি কাগজ উদ্ধাৰ কৰে যদিও ফটা-ছিটা অৱস্থাতহে পালে কাগজ।



    কানপুৰত এখন পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। চৌবেপুৰ আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। এই দৃশ্য কোনোবাই কমেৰাত ৰেকৰ্ড কৰি পিছত ইণ্টাৰনেটত এৰি দিয়ে। ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোৱে পুনৰ প্ৰমাণ কৰিলে যে পঞ্চায়ত কাৰ্যালয়ত কিছুমান ঠাইত কিমান বেপৰোৱাভাৱে কাম কৰে কৰ্মচাৰীয়ে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: