মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»এয়া কাপোৰৰ ডিজাইন নহয়, সোণ সৰবৰাহকাৰীৰ অভিনৱ কৌশল, দেখি অবাক শুল্ক বিভাগৰ দল

এয়া কাপোৰৰ ডিজাইন নহয়, সোণ সৰবৰাহকাৰীৰ অভিনৱ কৌশল, দেখি অবাক শুল্ক বিভাগৰ দল

News18 Assam | News18-Assam
Updated:August 30, 2021, 7:24 PM IST
এয়া কাপোৰৰ ডিজাইন নহয়, সোণ সৰবৰাহকাৰীৰ অভিনৱ কৌশল, দেখি অবাক শুল্ক বিভাগৰ দল
Photo : ANI

কন্নুৰ বিমানবন্দৰত সীমা শুল্ক বিভাগৰ ইণ্টেলিজেন্স ইউনিটে সোমবাৰে পুৱা ৩০২ গ্ৰাম সোণ উদ্ধাৰ কৰিছে।

  • Share this:
সময়ৰ লগে লগে যেন সলনি হৈছে চোৰাং সোণ সৰবৰাহকাৰীৰ কৌশল। আৰক্ষীৰ চকুত ধূলি দি চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই সৰবৰাহকাৰীয়ে। আৰু সেয়া ধৰিবলৈ গৈ অবাক হৈ পৰে শুল্ক বিভাগ, আৰক্ষী, নিৰাপত্তা বাহিনী। এনে ধৰণৰ এক অভিনৱ সোণ সৰবৰাহৰ ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰ বিমানবন্দৰত।

সোমবাৰে বিমানবন্দৰত উদ্ধাৰ হয় ১৪ লাখ টকাৰ সোণ। এই সোণ গহণা বা বিস্কুটৰ ফৰ্মেটত সৰবৰাহ কৰা হোৱা নাছিল। সোণৰ পেষ্ট বনাই জিন্সৰ পেণ্টত লগাই লোৱা হৈছিল। যাতে আৰক্ষীয়ে এয়া কোনো নতুন ডিজাইন বুলি ভাৱে। কিন্তু সৰবৰাহকাৰীৰ এই পৰিকল্পনা সাৰ্থক নহ’ল, গ্ৰেপ্তাৰ হ’ল বিমানবন্দৰত।


সংবাদ প্ৰতিষ্ঠান এএনআই–এ এই ঘটনাৰ এক ফটো শ্বেয়াৰ কৰিছে য’ত স্পষ্টকৈ দেখা গৈছে জিন্সৰ পেণ্টত দুটা লেয়াৰ। এটা লেয়াৰ সোণ পেষ্ট কৰি লগোৱা হৈছিল। যিটো এক ধৰণৰ ডিজাইনৰ দৰেই দেখা গৈছিল। আৰু এই পেণ্ট পিন্ধি অভিযুক্তই বিমানবন্দৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰিছিল। কিন্তু অৱশেষত ধৰা পৰিল।

এজন বিষয়াই জনায়, কন্নুৰ বিমানবন্দৰত সীমা শুল্ক বিভাগৰ ইণ্টেলিজেন্স ইউনিটে সোমবাৰে পুৱা ৩০২ গ্ৰাম সোণ উদ্ধাৰ কৰিছে।
Published by: Sanjay Kumar Das
First published: August 30, 2021, 7:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি