মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»লজ্জাজনক! বিয়াত যৌতুক কম দিয়া বাবে সুৰাৰ পাৰ্টীত বন্ধুৰ হাতত গতালে পত্নীক, তাৰ পিছত...

লজ্জাজনক! বিয়াত যৌতুক কম দিয়া বাবে সুৰাৰ পাৰ্টীত বন্ধুৰ হাতত গতালে পত্নীক, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:October 10, 2021, 5:21 PM IST
লজ্জাজনক! বিয়াত যৌতুক কম দিয়া বাবে সুৰাৰ পাৰ্টীত বন্ধুৰ হাতত গতালে পত্নীক, তাৰ পিছত...
মাৰপিট কৰা স্বামীৰ কবলৰ পৰা কোনোমতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰলৈ যায় আৰু সমগ্ৰ ঘটনা অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

মাৰপিট কৰা স্বামীৰ কবলৰ পৰা কোনোমতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰলৈ যায় আৰু সমগ্ৰ ঘটনা অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

  • Share this:


উত্তৰ প্ৰদেশৰ কন্নৌজ জিলাত স্বামী–স্ত্ৰীৰ সম্পৰ্কৰ মাজত এক লাজ লগা ঘটনা সংঘটিত হৈছে। এজন সুৰামত্ত লোকে অমানৱীয়তাৰ সকলো সীমা অতিক্ৰম কৰিলে। ঘৰত সুৰীৰ পাৰ্টীৰ পিছত বন্ধুক নিজৰ পত্নীক গতাই দিয়ে স্বামীয়ে। বন্ধুৱে অশ্লীল ব্যৱহাৰ আৰু জোৰ–জবৰদস্তি কৰাত অতিষ্ঠ হৈ পত্নীয়ে কোনোমতে ভাতৃক ফোন কৰি এই কথা জনায়। পৰিয়ালৰ লোক জীয়ৰীৰ ঘৰত উপস্থিত হোৱাত তেওঁলোককো মাৰপিট কৰে। কোনো মতে বোৱাৰীগৰাকীক ঘৰলৈ আনি পৰিয়ালৰ লোকে জোঁৱায়েকৰ লগতে তিনিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি সুৰাৰ পাৰ্টী কৰা মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ বন্ধুৰ অনুসন্ধান আৰম্ভ কৰে।

এই ঘটনা সদৰ কোতৱালী অঞ্চলৰ এখন গাঁৱত সংঘটিত হৈছে। ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীৰ আগত অভিযোগ কৰা মতে, তেওঁৰ স্বামীয়ে সুৰাপান কৰি মাৰপিট কৰিছিল। যৌতুক কম পোৱাৰ কথা কৈ অত্যাচাৰ কৰিছিল মহিলাগৰাকীক। শুকুৰবাৰে সন্ধিয়া তেওঁ বন্ধু অক্ষয়, নন্দন আৰু নীৰজক ঘৰলৈ মাতি সুৰাপান কৰে। ইয়াৰ পিছত তেওঁ পত্নীক বন্ধুবৰ্গক গতাই দিয়ে। মহিলাগৰাকীৰ মতে, স্বামীৰ বন্ধুৱে তেওঁক অভদ্ৰ ব্যৱহাৰ কৰাৰ লগতে অশ্লীল কৰ্মত লিপ্ত হয়।

মাৰপিট কৰা স্বামীৰ কবলৰ পৰা কোনোমতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰলৈ যায় আৰু সমগ্ৰ ঘটনা অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Published by: Sanjay Kumar Das
First published: October 10, 2021, 5:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি