বয়স মাত্ৰ ৩৯! মৃত্যুক আঁকোৱালি ল’লে দক্ষিণ ভাৰতৰ তাৰকা চিৰঞ্জীৱি শাৰজাই

News18 Assam | News18-Assam
Updated:June 8, 2020, 11:23 AM IST
বয়স মাত্ৰ ৩৯! মৃত্যুক আঁকোৱালি ল’লে দক্ষিণ ভাৰতৰ তাৰকা চিৰঞ্জীৱি শাৰজাই
কৰ্ণাটকৰ মুখ্যমন্ত্ৰি বিএছ য়েডিয়ুৰাপ্পাইও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। 

কৰ্ণাটকৰ মুখ্যমন্ত্ৰি বিএছ য়েডিয়ুৰাপ্পাইও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। 

  • Share this:
বেংগালুৰুঃ মাত্ৰ ৩৯বছৰ বয়সতে পৃথিৱীৰ পৰা চিৰবিদায় ল’লে কানাড়া তাৰকা চিৰঞ্জীৱি শাৰজাই। দেওবাৰে আবেলি বাংগালুৰুৰ এখন হাস্পতালত তেওঁৰ মৃত্যু হৈছে। জানিব পৰা মতে, হৃদৰোগত আক্ৰান্ত হৈছিল তেওঁ।

চিৰঞ্জীৱিৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে দক্ষিণ ভাৰতৰ বহু অভিনেতাই। বিখ্যাত তাৰকা আল্লু সিৰিসে লিখিছে, "মাত্ৰ ৩৯বছৰ বয়সত গুচি গ’ল শাৰজা। আমি তেওঁৰ মৃত্যুত গভীৰভাৱে শোকাহত। তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো।" কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পাইও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এখনৰ পিছত আন এখন হিট ছবিত দেখা গৈছিল চিৰঞ্জীৱিক। ‘সামহাৰা’, ‘আদ্যা’, ‘প্ৰেম বাহাৰা’, ‘আই লাভ ইউ’ৰ দৰে ছবিত দেখা গৈছিল তেওঁক।


First published: June 8, 2020, 11:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading