কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াৰ জনপ্ৰিয় যুৱ নেতা কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰিব। বিশ্বস্ত সূত্ৰৰ খবৰ অনুযায়ী কুমাৰে ২৮ ছেপ্টেম্বৰত কংগ্ৰেছত যোগদান কৰিব বুলি জানিব পৰা গৈছে।
জেএনইউত ছাত্ৰ ৰাজনীতিক ৰূপে আত্মপ্ৰকাশ কৰা কানহাইয়া চিপিআইৰ সদস্য আছিল৷ কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে সাক্ষাতৰ পিছত তেওঁ কংগ্ৰেছত যোগদান কৰাৰ বিষয়ে জল্পনা-কল্পনা চলি আছিল৷
২০১৯ৰ লোকসভা নিৰ্বাচনত বিহাৰৰ বেগুচৰাই সমষ্টিৰ বিজেপি নেতা গিৰিৰাজ সিঙৰ বিৰুদ্ধে চিপিআইৰ হৈ প্ৰতিদ্বন্দিতা কৰা কানহাইয়াৰ কংগ্ৰেছ গমন বাঁও শক্তিৰ এক ডাঙৰ বিফলতা ৰূপে গণ্য কৰিব পাৰি।
যুৱ বাঁওপন্থী কৰ্মী–সমৰ্থকৰ মাজত যথেষ্ট জনপ্ৰিয় কানহাইয়াৰ লগতে কংগ্ৰেছত আন এগৰাকী যুৱ নেতা জিগনেশ মেৱানীয়েও যোগদান কৰিব একেদিনাই। মেৱানী গুজৰাট বিধান সভাৰ নিৰ্দলীয় বিধায়ক আৰু এগৰাকী দলিত নেতা ৰূপে পৰিচিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|