জেএনইউ(JNU) ছাত্ৰ ইউনিয়নৰ অধ্যক্ষৰ পৰা সক্ৰিয় ৰাজনীতিলৈ অহা বাওপন্থী নেতাক কংগ্ৰেছলৈ আদৰাৰ প্ৰস্তুতি চলাইছে দলটোৰ নেতৃবৰ্গই। ২০১৯ চনত প্ৰথমবাৰৰ বাবে বেগুশৰাই লোকসভা সমষ্টিৰ পৰা চিপিআইৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ হাতত ৪লাখৰো অধিক ভোটত পৰাজিত হৈছিল কানহাইয়া কুমাৰ (Kanhaiya Kumar)।

বাকপটু আৰু জনপ্ৰিয় বাওপন্থী নেতাগৰাকীৰ সৈতে ইতিমধ্যে কেইবালানিও বৈঠকত মিলিত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কানহাইয়াৰ লগতে নিৰ্দলীয় বিধায়ক জিগ্নেশ মেৱানীকো কংগ্ৰেছত যোগদান কৰোৱাৰ প্ৰস্তুতি চলাইছে দলটোৰ নেতৃবৰ্গই। কংগ্ৰেছৰ যুৱনেতা হাৰ্দিক পেটেল, জিগ্নেশ মেৱানী আৰু কানহাইয়া কুমাৰক লৈ এক শক্তিশালী যুৱ ব্ৰিগেডৰ সপোন দেখিছে ৰাহুল গান্ধীয়ে। ২০২৪ত বিজেপিক শাসনৰ গাদীৰ পৰা ওফৰাবলৈ ৰাহুল গান্ধীৰ মূল শক্তি হ'ব এই যুৱ ব্ৰিগেদ।
অৱশ্যে বৰ্তমানলৈকে কানহাইয়া কুমাৰে কংগ্ৰেছত যোগদান কৰা নাই যদিও কংগ্ৰেছৰ এক সূত্ৰৰ মতে, কানহাইয়াৰ সৈতে আলোচনা প্ৰায় শেষ পৰ্যায়ত আৰু শীঘ্ৰেই তেঁও চিপিএম ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব। যোগদানৰ পিছতে কানহাইয়াক কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰূপে দেখা যাব আৰু ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কানহাইয়াই মোডী বিৰোধী প্ৰচাৰ তীব্ৰতৰ কৰি দলটোক পুনৰ ক্ষমতালৈ আনিব বুলি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব আশাবাদী।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|