
২০২০ চনৰ ছেপ্টেম্বৰত বৃহন্মুম্বাই পৌৰ নিগমে অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইত কংগনাৰ কাৰ্যালয় ভাঙি পেলাইছিল
২০২০ চনৰ ছেপ্টেম্বৰত বৃহন্মুম্বাই পৌৰ নিগমে অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইত কংগনাৰ কাৰ্যালয় ভাঙি পেলাইছিল
মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰৰ সংকট সময়ত নেটিজেনৰ মাজত চৰ্চিত হৈছে এটা পুৰণি বিষয়। বহুতে প্ৰশ্ন কৰিছে- বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ 'অভিশাপ' লাগিল নেকি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ মিত্ৰজোঁট চৰকাৰৰ ওপৰত। কংগনাৰ এটা পুৰণি ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ এটা অংশই উদ্ধৱক তেওঁৰ পুৰণি 'কৰ্ম' সোঁৱৰাই দিয়ে।
ঘটনাটো আছিল ২০২০ চনৰ ছেপ্টেম্বৰত বৃহন্মুম্বাই পৌৰ নিগমে (BMC) অবৈধ নিৰ্মাণৰ অভিযোগত মুম্বাইত কংগনাৰ কাৰ্যালয় ভাঙি পেলাইছিল ( BMC had demolished Kangana's Mumbai office )। কংগনাই বিএমচিৰ পদক্ষেপৰ আগতেই শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউতৰ সৈতে টুইটত বিতৰ্কত লিপ্ত হৈছিল। তাৰ পিছতে বিএমচিয়ে তেওঁৰ কাৰ্যালয় ভাঙে। সেই সময়ত কংগনাই টুইটাৰযোগে উদ্ধৱ থাকৰেক (Uddhav Thackeray) ইটোৰ পিছত সিটো টুইটেৰে সমালোচনা কৰিছিল। ক্ষুব্ধ হৈছিল কংগনা।
এতিয়া একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী বিধায়কে কৰা কাৰ্যই থাকৰে চৰকাৰৰ পতন নিশ্চিত কৰাৰ পিছতে এনে কেইটামান পুৰণি ভিডিঅ' আৰু টুইট ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। সেই সময়ত এটা ভিডিঅ'ত কংগনাই কৈছিল, "উদ্ধৱ থাকৰে, আপুনি ভাবিছিলে যে আপুনি চলচ্চিত্ৰ মাফিয়াৰ সৈতে মিত্ৰতা কৰি মোৰ ঘৰ ভাঙি প্ৰতিশোধ লৈছে? আজি মোৰ ঘৰটো ভাঙিছে, কাইলৈ আপোনাৰ গৌৰৱ চূৰ্ণ-বিচূৰ্ণ হ'ব।''
কংগনাৰ 'অভিশাপ'ৰ কথা উল্লেখ কৰি এজন নেটিজেনে দাবী কৰে, "আনৰ সৈতে যি ব্যৱহাৰ কৰা হয় সেয়া হৈছে ফলাফল। ইয়াক কৰ্মফল বুলি কোৱা হয়!' আন এজনে কৈছিল যে 'উদ্ধৱ থাকৰেজীয়ে ভৱিষ্যতৰ বিষয়ে ভবা নাছিল।'
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|