‘এনেকুৱা মহিলাৰ গৰ্ভতে জন্ম হয় বলাৎকাৰী’ – জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙৰ আহ্বানক উভতি ধৰিলে কংগনাই

News18 Assam | News18-Assam
Updated:January 23, 2020, 1:12 PM IST
‘এনেকুৱা মহিলাৰ গৰ্ভতে জন্ম হয় বলাৎকাৰী’ – জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙৰ আহ্বানক উভতি ধৰিলে কংগনাই
Photo : huffingtonpost.in

কংগনাই কয় – ‘এনেধৰণৰ দোষীক সকলোৰে আগত ফাঁচি দিব লাগে। নিৰ্ভয়াৰ পিতৃ–মাতৃয়ে ইমান বছৰ ধৰি নিজৰ কন্যাক হেৰুওৱাৰ বেদনা সহি আছে। এনে অৱস্থাত দোষীক গোপনে ফাঁচি দিয়াৰ কি প্ৰয়োজন।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষীক ক্ষমা কৰি দিব লাগে বুলি জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱটে। কংগনাই কয় – ‘ইন্দিৰা জয়সিংৰ দৰে মহিলাৰ গৰ্ভৰ পৰা জন্ম হয় বলাৎকাৰী। এনেকুৱা মহিলাক বলাৎকাৰীৰ সৈতে চাৰিদিন জে’লত ৰাখিব লাগে।’

উল্লেখযোগ্য যে ইন্দিৰা জয়সিঙে কিছুদিন পূৰ্বে নিৰ্ভয়াৰ মাতৃ আশা দেৱীক আহ্বান জনাইছিল যে তেওঁ ছোনিয়া গান্ধীৰ দৰেই দোষীক ক্ষমা কৰি দিব লাগে। ইন্দিৰা জয়সিঙৰ এই মন্তব্য ক্ষোভ প্ৰকাশ কৰিছে নিৰ্ভয়াৰ মাতৃয়েও।

মুম্বাইত বুধবাৰে সন্ধিয়া ‘পাংগা’ ছবিখনৰ বিশেষ স্ক্ৰীণিঙৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগনাই কয় – ‘এনেধৰণৰ দোষীক সকলোৰে আগত ফাঁচি দিব লাগে। নিৰ্ভয়াৰ পিতৃ–মাতৃয়ে ইমান বছৰ ধৰি নিজৰ কন্যাক হেৰুওৱাৰ বেদনা সহি আছে। এনে অৱস্থাত দোষীক গোপনে ফাঁচি দিয়াৰ কি প্ৰয়োজন। এনেধৰণৰ দোষীক মাৰিও কোনো উদাহৰণ দেখুৱাব পৰা নাই। সেইবাবে এনে দোষীক ৰাজপথত ফাঁচি দিব লাগে।’


আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading