• Home
  • »
  • News
  • »
  • nation
  • »
  • মধ্য প্ৰদেশত ৰাজনৈতিক সংকট, কমলনাথ চৰকাৰে আজি নিদিয়ে ফ্ল’ৰ টেষ্ট, উচ্চতম ন্যায়ালয়ত শিৱৰাজৰ আৱেদনৰ শুনানি

মধ্য প্ৰদেশত ৰাজনৈতিক সংকট, কমলনাথ চৰকাৰে আজি নিদিয়ে ফ্ল’ৰ টেষ্ট, উচ্চতম ন্যায়ালয়ত শিৱৰাজৰ আৱেদনৰ শুনানি

 নিবিচাৰিলেও ‘অগ্নিপৰীক্ষা’ দিবলগীয়া হ’ব কমলনাথ চৰকাৰে। বিজেপিয়ে ৪৮ঘণ্টাৰ ভিতৰত কমলনাথৰ ফ্ল’ৰ টেষ্ট বিচাৰিছে। 

 নিবিচাৰিলেও ‘অগ্নিপৰীক্ষা’ দিবলগীয়া হ’ব কমলনাথ চৰকাৰে। বিজেপিয়ে ৪৮ঘণ্টাৰ ভিতৰত কমলনাথৰ ফ্ল’ৰ টেষ্ট বিচাৰিছে। 

 নিবিচাৰিলেও ‘অগ্নিপৰীক্ষা’ দিবলগীয়া হ’ব কমলনাথ চৰকাৰে। বিজেপিয়ে ৪৮ঘণ্টাৰ ভিতৰত কমলনাথৰ ফ্ল’ৰ টেষ্ট বিচাৰিছে। 

  • Share this:
মধ্য প্ৰদেশ বিধানসভাত কমলনাথ চৰকাৰে আজি ফ্ল’ৰ টেষ্ট নিদিয়ে। ৰাজ্যপাল লালজী টণ্ডনে মুখ্যমন্ত্ৰী কমলনাথক সোতৰ মাৰ্চত ফ্ল’ৰ টেষ্টত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কৈছিল। কিন্তু অধ্যক্ষই কোৰোণা ভাইৰাছৰ কাৰণে বিধানসভা ২৬মাৰ্চলৈ স্থগিত কৰিছে। আজি সদনৰ কাৰ্যসূচীৰ কাৰণে কোনো প্ৰস্তুত নহয় আৰু কাৰ্যসূচীও জাৰি কৰা হোৱা নাই। ইফালে মুখ্যমন্ত্ৰী কমলনাথে কৈছে যে, যদি বিজেপিয়ে বিচাৰে তেনেহ’লে চৰকাৰৰ বিৰুদ্ধে আস্থাহীনতাৰ প্ৰস্তাৱ আনক আৰু আমি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সাজু।

ৰাজ্যপাল লালজী টণ্ডনে কমলনাথ চৰকাৰলৈ লিখা পত্ৰত উল্লেখ কৰিছিল যে ১৭মাৰ্চত যদিহে বিধানসভাত চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে তেনেহ’লে চৰকাৰৰ সংখ্যাগৰিষ্ঠতা সদনত নাই বুলি মানি লোৱা হ’ব।

ইফালে আজি বিজেপিৰ আৱেদনৰ শুনানি আছে, য’ত ৪৮ঘণ্টাৰ ভিতৰত কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কোৱা আছে।

মধ্য প্ৰদেশৰ ৰাজনীতিৰ এই উত্থান–পতনৰ মাজত দিল্লীতো ৰণনীতিক লৈ তৎপৰ বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ তোমৰৰ ঘৰত সোমবাৰে নিশা উপস্থিত হয় ধৰ্মেন্দ্ৰ প্ৰধান।  এই বৈঠকত গেৰুৱা দলটোৰ ৰণনীতিক লৈ আলোচনা হোৱাৰ কথা জানিব পৰা গৈছে।
Published by:Tulika Devi
First published: