প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ আগশাৰীৰ গহণা নিৰ্মাতা কল্যাণ জুৱেলাৰীক

নৰেন্দ্ৰ মোদীৰ সৈতে কল্যাণ জুৱেলাৰী পৰিয়ালৰ আছে নিবিড় আৰু পুৰণি সম্পৰ্ক।

news18
Updated:June 1, 2019, 12:57 PM IST
প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ আগশাৰীৰ গহণা নিৰ্মাতা কল্যাণ জুৱেলাৰীক
নৰেন্দ্ৰ মোদীৰ সৈতে কল্যাণ জুৱেলাৰী পৰিয়ালৰ আছে নিবিড় আৰু পুৰণি সম্পৰ্ক।
news18
Updated: June 1, 2019, 12:57 PM IST
বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত ভব্য সমাৰোহেৰে অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ শপতগ্ৰহণ। দেশ–বিদেশৰ বিভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিসকলৰ উপস্থিতিত দ্বিতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে।

এই অনুষ্ঠানলৈ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ লগতে নিমন্ত্ৰণ জনোৱা হৈছিল দেশৰ আগশাৰীৰ গহণা নিৰ্মাতা প্ৰতিষ্ঠান কল্যাণ জুৱেলাৰীক। কল্যাণ জুৱেলাৰীৰ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ সৈতে বিশেষ নৈশভোজতো অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে কল্যাণ জুৱেলাৰীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক টি এছ কল্যাণৰমণে বিভিন্ন প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ কৰিছে। থ্ৰিছুৰৰ এনেকুৱা এক সাক্ষাতৰ সময়তে কল্যাণৰমণে চৰকাৰৰ সকলোৰে কাৰণে বাসগৃহঃমিছন ২০২২লৈ আঁচনিলৈ সমৰ্থন আগবঢ়াইছিল।

শপতগ্ৰহণ অনুষ্ঠানত কল্যাণ জুৱেলাৰীৰ পৰিয়ালৰ হৈ অধ্যক্ষ তথা পৰিচালন সঞ্চালক টি এছ কল্যাণৰমণ, কাৰ্যবাহী সঞ্চালকদ্বয় ৰাজেশ আৰু ৰমেশ কল্যাণৰমণ আৰু পৰিচালন সঞ্চালক আৰ কাৰ্তিক উপস্থিত থাকে।
আৰু চাওক পৰৱৰ্তী বাতৰি