‘যি মোৰ হ’ব নোৱাৰে, আন কাৰো হোৱাৰ সুবিধা নিদিওঁ’ – ‘কবিৰ সিং’ৰ ডাইলগ লিখি যুৱতীক হত্যা, তাৰ পিছত গুলীয়ালে নিজৰ মূৰত

দুবছৰ পূৰ্বে অশ্বিনীয়ে প্ৰেম নিবেদন কৰিছিল নিকিতা নামৰ যুৱতীগৰাকীক। কিন্তু নিকিতাই প্ৰত্যাখ্যান কৰিছিল প্ৰেমৰ প্ৰস্তাৱ।

News18-Assam
Updated:October 16, 2019, 10:18 AM IST
‘যি মোৰ হ’ব নোৱাৰে, আন কাৰো হোৱাৰ সুবিধা নিদিওঁ’ – ‘কবিৰ সিং’ৰ ডাইলগ লিখি যুৱতীক হত্যা, তাৰ পিছত গুলীয়ালে নিজৰ মূৰত
দুবছৰ পূৰ্বে অশ্বিনীয়ে প্ৰেম নিবেদন কৰিছিল নিকিতা নামৰ যুৱতীগৰাকীক। কিন্তু নিকিতাই প্ৰত্যাখ্যান কৰিছিল প্ৰেমৰ প্ৰস্তাৱ।
News18-Assam
Updated: October 16, 2019, 10:18 AM IST
বলীউদত প্ৰতিবছৰে বহু ছবি নিৰ্মাণ হয়। কিন্তু কিছুমান ছবি কোনো কাৰণত বিতৰ্কত সাঙোৰ খাই পৰে। এনেকুৱা এখন ছবি হৈছে ছাহিদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত ‘কবিৰ সিং’। এই ছবিখন মুক্তি পোৱাৰ পিছতে মুখ্য চৰিত্ৰ ‘কবিৰ’ৰ আচৰণক লৈ উত্থাপিত হৈছিল অভিযোগ। নিচাৰ প্ৰতি আসক্ত, মহিলাক সন্মান নকৰা আৰু খঙাল স্বভাৱ – এই সকলোবোৰ আছিল কবিৰৰ চৰিত্ৰত। অৱশ্যে কিছুমান লোক কবিৰ সিঙৰ অনুৰাগীও হৈ পৰিছিল। কিন্তু শেহতীয়াকৈ আন এক ঘটনাৰ বাবে পুনৰ চৰ্চালৈ আহিছে ‘কবিৰ সিং’।

উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীক হত্যা কৰি নিজেও মূৰত গুলীয়াই আত্মহত্যা কৰে এজন টিকটক ষ্টাৰে। যুৱকজনৰ নাম অশ্বিনী কুমাৰ। টিকটক ভিলেইন আৰু জনী দাদা হিচাপে পৰিচিত আছিল অশ্বিনী।

দুবছৰ পূৰ্বে অশ্বিনীয়ে প্ৰেম নিবেদন কৰিছিল নিকিতা নামৰ যুৱতীগৰাকীক। কিন্তু নিকিতাই প্ৰত্যাখ্যান কৰিছিল প্ৰেমৰ প্ৰস্তাৱ। তাৰ পিছতে নিকিতাই ডুবাইত এয়াৰ হোষ্টেজৰ চাকৰিত যোগদান কৰিছিল। শেহতীয়াকৈ বিয়াৰ বাবে ঘৰলৈ আহিছিল নিকিতা। ডিচেম্বৰত আছিল নিকিতা শৰ্মাৰ বিয়া।

‘যি মোৰ হ’ব নোৱাৰে, তেওঁক আন কাৰোবাৰ হোৱাৰ সুবিধা নিদিওঁ’ – শেহতীয়াকৈ অশ্বিনী কুমাৰে ‘কবিৰ সিং’ৰ এই ডাইলগটোৰে টিকটকত শ্বেয়াৰ কৰিছিল এটা ভিডিঅ’। এই ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।

নিকিতাৰ বিয়াৰ কথা শুনিছিল অশ্বিনীয়ে। বিয়াৰ কথা জানিব পাৰি খঙতে অশ্বিনীয়ে হত্যা কৰে নিকিতা শৰ্মাক। হত্যাৰ পিছতে পলায়ন কৰে যদিও আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হয়। আৰক্ষীয়ে অশ্বিনীক আত্মসমৰ্পণৰ বাবে নিৰ্দেশ দিছিল। কিন্তু আত্মসমৰ্পণ কৰাৰ সলনি নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে যুৱকজনে। ৩০ ছেপ্টেম্বৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুটাকৈ হত্যাকাণ্ডৰ অভিযোগ আছে অশ্বিনীৰ বিৰুদ্ধে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি