মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»সংশোধন কৰা হ'ব স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰম! কস্তুৰীৰংগণৰ নেতৃত্বত কমিটী গঠন, কমিটীত নাই উত্তৰ পূৱৰ এজনো শিক্ষাবিদ 

সংশোধন কৰা হ'ব স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰম! কস্তুৰীৰংগণৰ নেতৃত্বত কমিটী গঠন, কমিটীত নাই উত্তৰ পূৱৰ এজনো শিক্ষাবিদ 

News18 Assam | News18-Assam
Updated:September 22, 2021, 5:16 PM IST
সংশোধন কৰা হ'ব স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰম! কস্তুৰীৰংগণৰ নেতৃত্বত কমিটী গঠন, কমিটীত নাই উত্তৰ পূৱৰ এজনো শিক্ষাবিদ 
কমিটীখনে স্কুলীয়া পাঠ্যপুথি সমূহ কেনে হ’ব সেই সন্দৰ্ভত NCERTক পৰামৰ্শ আগবঢ়াব। NCERTয়ে সেই মতেই পাঠ্যপুথি সমূহৰ সংশোধন ঘটাব 

কমিটীখনে স্কুলীয়া পাঠ্যপুথি সমূহ কেনে হ’ব সেই সন্দৰ্ভত NCERTক পৰামৰ্শ আগবঢ়াব। NCERTয়ে সেই মতেই পাঠ্যপুথি সমূহৰ সংশোধন ঘটাব 

  • News18 Assam
  • Last Updated: September 22, 2021, 5:16 PM IST
  • Share this:
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে দেশত নতুনকৈ পাঠ্যপুথি প্ৰণয়ন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ISROৰ প্রাক্তন মূৰব্বী কে  কস্তুৰীৰংগণৰ নেতৃত্বত এখন ১২জনীয়া কৰ্ণধাৰ কমিটী গঠন কৰি দিছে। মঙলবাৰে মন্ত্ৰণালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰি কৰিছে ।

উল্লেখযোগ্য যে,  কস্তুৰীৰংগণ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা প্ৰস্তুত কমিটীৰো সভাপতি আছিল । এই নতুন শিক্ষানীতিতে এক নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আৰ্হি (National Curriculum Framework) প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়া হৈছিল। গতিকে এইবাৰ পাঠ্যপুথি প্ৰণয়ন নিগম, ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা তথা শিক্ষক প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERTক এক নতুন NCF যোগান ধৰিবলৈ এই কমিটী গঠন কৰা হৈছে। কমিটীখনে স্কুলীয়া পাঠ্যপুথি সমূহ কেনে হ’ব সেই সন্দৰ্ভত NCERTক পৰামৰ্শ আগবঢ়াব। NCERTয়ে সেই মতেই পাঠ্যপুথি সমূহৰ সংশোধন ঘটাব ।

উল্লেখযোগ্য যে, এই ১২জনীয়া কমিটীখনত উত্তৰ পূৱৰ এজনো শিক্ষাবিদক অন্তৰ্ভুক্ত হোৱা নাই। সততে NCERTৰ পাঠ্যপুথিত উত্তৰ পূৱৰ বিষয়ে পৰ্যাপ্ত উল্লেখ নথকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কমিটীখনত উত্তৰ পূৱৰ বিশেষজ্ঞ নথকাৰ বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ।

এই কমিটীখনৰ আন সদস্য সমূহ হৈছে – কৰ্ণাটক জ্ঞান আয়োগৰ সদস্য সচিব এম কে শ্ৰীধৰ, অন্ধ্ৰ প্ৰদেশৰ কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য টি ভি কাট্টিমণি, জামিয়া মিলিয়া ইছলামীয়া উপাচাৰ্য নাজমা আখতাৰ, পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগবিৰ সিং, মাৰ্কিন গণিতজ্ঞ মঞ্জুলা ভাৰ্গৱ, শিক্ষাবিদ মইকেল ডেনীঅ’, National Book Trustৰ অধ্যক্ষ গোবিন্দ প্ৰসাদ শৰ্মা, National Institute of Education Planning and Administrationৰ মুৰব্বী মহেশ  চন্দ্ৰ পণ্ট, Indian Institute of Management জম্মুৰ মুৰব্বী মিলিন্দ কাম্বলে, বেচৰকাৰী প্ৰতিষ্ঠানৰ ধীৰ জিনগ্ৰাম আৰু শংকৰ মাৰোৱাডা ।

এই কমিটীখনে চাৰি প্ৰকাৰৰ পৰামৰ্শ আগবঢ়াব। এই পৰামৰ্শ সমূহ প্ৰযোজ্য হ’ব ছাত্ৰ-ছাত্ৰীৰ শিক্ষা, শিক্ষকৰ প্ৰশিক্ষণ, প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষা আৰু প্ৰাপ্ত বয়স্কক শিক্ষা প্ৰদান ক্ষেত্ৰত ।
Published by: Himangshu Bhuyan
First published: September 22, 2021, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি