• Home
  • »
  • News
  • »
  • nation
  • »
  • কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ লোভ! কংগ্ৰেছৰ পৰা পদত্যাগ জ্যোতিৰাদিত্য সিন্ধিয়াৰ, আজি যোগদান কৰিব বিজেপিত

কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ লোভ! কংগ্ৰেছৰ পৰা পদত্যাগ জ্যোতিৰাদিত্য সিন্ধিয়াৰ, আজি যোগদান কৰিব বিজেপিত

ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে মধ্যপ্ৰদেশৰ ৰাজনৈতিক নাটক

ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে মধ্যপ্ৰদেশৰ ৰাজনৈতিক নাটক

ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে মধ্যপ্ৰদেশৰ ৰাজনৈতিক নাটক

  • Share this:
ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে মধ্যপ্ৰদেশৰ ৰাজনৈতিক নাটক। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ বিৰুদ্ধে বিদ্ৰোহ কৰি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰা কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই অৱশেষত ত্যাগ কৰে কংগ্ৰেছ দল। জানিব পৰা মতে আজি বিয়লি ভাগলৈ বিজেপি দলত যোগদান কৰিব সিন্ধিয়াই।

খবৰ অনুসৰি মধ্যপ্ৰদেশৰ খালী হোৱা ৰাজ্যসভা আসনত জ্যোতিৰাদিত্য সিন্ধিয়াক বিজেপিয়ে নিৰ্বাচিত কৰি আনি পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব দিব বুলি চৰ্চা চলিছে। প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জ্যোতিৰাদিত্য সিন্ধিয়াক গুজৰাট ভ্ৰমণলৈকে আগবঢ়াই দিয়ে।

এতিয়া কংগ্ৰেছেও জ্যোতিৰাদিত্য সিন্ধিয়াক কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ’ল বুলি জাননী জাৰি কৰিছে। ইতিমধ্যে ছোনীয়া গান্ধীয়েও অনুমোদন জনাইছে সিন্ধিয়াৰ বহিষ্কাৰৰ।
Published by:Himangshu Bhuyan
First published: