মুখ্যপৃষ্ঠা »খবৰ »দেশ »UU Lalit Takes Oath : দেশৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিলে উদয় উমেশ ললিতে

UU Lalit Takes Oath : দেশৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিলে উদয় উমেশ ললিতে

মুম্বাইৰ চোলাপুৰত জন্মগ্ৰহণ কৰা ইউ ইউ ললিতৰ পৰিয়ালটোৰ চাৰিটা প্ৰজন্ম ন্যায়িক প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে।

  • Share this:
দেশৰ মুখ্য ন্যায়াধীশ ৰূপে শপতগ্ৰহণ কৰিলে উদয় উমেশ ললিতে (Uday Umesh Lalit)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক মুখ্য ন্যায়াধীশ হিচাপে শপতবাক্য পাঠ কৰায়। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় এই অনুষ্ঠান।

ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। লগতে উপস্থিত আছিল পূৰ্বৰ মুখ্য ন্যায়াধীশ এন ভি ৰমণো।

উল্লেখ্য, মুম্বাইৰ চোলাপুৰত জন্মগ্ৰহণ কৰা ইউ ইউ ললিতৰ পৰিয়ালটোৰ চাৰিটা প্ৰজন্ম ন্যায়িক প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে। ন্যায়াধীশ ললিতৰ ককাক ৰঙানাথ ললিত স্বাধীনতাৰ পূৰ্বে সোলাপুৰৰ অধিবক্তা আছিল। ন্যায়াধীশ ইউ ইউ ললিতৰ ৯০ বছৰীয়া পিতৃ উমেশ ৰংনাথ ললিতো এগৰাকী পেছাদাৰী অধিবক্তা।

শেহতীয়া বাতৰি