ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে ন্যায়াধীশ উদয় উমেশ ললিতক ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ (CJI) হিচাপে নিযুক্তি দিয়ে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ নিযুক্তিৰ আদেশত স্বাক্ষৰ কৰিছে। ন্যায়াধীশ ললিতে ২৭ আগষ্টত চিজেআইৰ দায়িত্ব গ্ৰহণ কৰিব। ভাৰতৰ বিদায়ী মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এদিন আগতে ২৬ আগষ্টত অৱসৰ ল'ব।
আইন মন্ত্ৰালয়ৰ এক জাননীত কোৱা হৈছে, "সংবিধানৰ ১২৪ নং অনুচ্ছেদৰ ২ নং দফাৰ বিধানৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উদয় উমেশ ললিতক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দি আনন্দিত হৈছে।" তেওঁৰ নিযুক্তি ২৭ আগষ্ট, ২০২২ ৰ পৰা কাৰ্যকৰী হ'ব।"
ন্যায়াধীশ ললিতৰ কাৰ্যকাল তিনি মাহতকৈ কম হ'ব। তেওঁ ৬৫ বছৰ বয়সত ৮ নৱেম্বৰত অৱসৰ ল'ব।
Published by: Kokil Sarma
FIRST PUBLISHED : August 10, 2022, 18:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।