মুখ্যপৃষ্ঠা »খবৰ »দেশ »শ্বাহৰুখ খানে বাবৰি মছজিদ বিবাদৰ মধ্যস্থতা কৰাটো বিচাৰিছিল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে

শ্বাহৰুখ খানে বাবৰি মছজিদ বিবাদৰ মধ্যস্থতা কৰাটো বিচাৰিছিল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে

অৱশ্যে শ্বাহৰুখ খানে মধ্যস্থতাও নকৰিলে আৰু এই বিবাদ আলোচনাৰ মাজেৰে মীমাংসাও নহ’ল ।

অৱশ্যে শ্বাহৰুখ খানে মধ্যস্থতাও নকৰিলে আৰু এই বিবাদ আলোচনাৰ মাজেৰে মীমাংসাও নহ’ল ।

অৱশ্যে শ্বাহৰুখ খানে মধ্যস্থতাও নকৰিলে আৰু এই বিবাদ আলোচনাৰ মাজেৰে মীমাংসাও নহ’ল ।

  • Share this:
অযোধ্যা ভূমি বিবাদৰ মধ্যস্থতাকাৰী বলীউদৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান হোৱাটো বিচাৰিছিল দেশৰ এজন মুখ্য ন্যায়াধীশে । শ্বাহৰুখ খানক এই গুৰু দায়িত্ব অৰ্পণ কৰিব বিচৰা ব্যক্তিজন হৈছে এপ্ৰিলৰ ২৩ তাৰিখে অৱসৰ গ্ৰহণ কৰা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ  শাৰদ অৰবিন্দ বোবডে। অৱসৰৰ দিনা অনুষ্ঠিত হোৱা বিদায় সভাত এই কথা সদৰি কৰে উচ্চতম ন্যায়ালয় বাৰ কাউঞ্চিলৰ সভাপতি জেষ্ঠ অধিবক্তা বিকাশ সিঙে ।

বিকাশ সিঙে কয় – 'অযোধ্যা ভূমি বিবাদৰ মীমাংসাৰ কাৰণে গঠন হোৱা সাংবিধানিক বিচাৰপীঠৰ এজন অন্যতম সদস্য আছিল বোবডে। প্ৰথমৰে পৰা তেওঁ এই বিবাদ আলোচনাৰ মাজৰে মীমাংসা হোৱাটো বিচাৰিছিল আৰু তেওঁৰ পৰামৰ্শ মৰ্মে বিচাৰপীঠে মধ্যস্থতাকাৰী নিযুক্তি দিছিল।

বিকাশ সিঙে সেই বিশেষ দিনবোৰৰ কথা ৰোমন্থন কৰি কয় – “ন্যায়াধীশ বোবডেই জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান মধ্যস্থতাকাৰী হোৱাটো বিচাৰিছিল আৰু যিহেতু খানৰ সৈতে মোৰ ভাল সম্পৰ্ক গতিকে মোক তেওঁৰ সৈতে কথা পাতিবলৈ কৈছিল। শ্বাহৰুখ খানে এই কামৰ কাৰণে সন্মতি প্ৰদান কৰিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সিঙে ।

বিকাশ সিঙৰ মতে, শ্বাহৰুখ খানে কৈছিল ভাৰতত ধৰ্মীয় আদান-প্ৰদানৰ মাজেৰে হে হিন্দু আৰু মুছলমান শান্তিৰে একেলগে থাকিব পাৰিব। শ্বাহৰুখ খানে মন্দিৰৰ আধাৰশিলা কোনো মুছলমান লোকৰ দ্বাৰা আৰু মছজিদৰ আধাৰশিলা কোনো হিন্দু লোকৰ দ্বাৰা স্থাপন কৰাটো বিচাৰিছিল বুলিও মন্তব্য কৰে সিঙে। অৱশ্যে শ্বাহৰুখ খানে মধ্যস্থতাও নকৰিলে আৰু এই বিবাদ আলোচনাৰ মাজেৰে মীমাংসাও নহ’ল ।

শেহতীয়া বাতৰি