ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই আজি ভাৰতৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ স্থলাভিষিক্ত হ’ব ববডে। বিগত ১৩ মাহ ধৰি দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ দেওবাৰে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ববডেক ২০১৩ চনৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। আজি শপত গ্ৰহণ কৰাৰ পিছত ২০২১ চনৰ ২৩ এপ্ৰিললৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ববডেই।
ববডেৰ পিতৃ অৰবিন্দ শ্ৰীনিবাস ববডে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা আছিল। ভাতৃও এগৰাকী জ্যেষ্ঠ অধিবক্তা। উল্লেখযোগ্য যে অযোধ্যা বিবাদক লৈ গঠিত ৫জনীয়া বিচাৰপীঠৰ অন্যতম সদস্য আছিল ববডে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|