உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত ল’লে ন্যায়াধীশ এছ এ ববডেই, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য

    দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত ল’লে ন্যায়াধীশ এছ এ ববডেই, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য

    বিগত ১৩ মাহ ধৰি দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ দেওবাৰে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

    • Share this:
      দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ স্থলাভিষিক্ত হ’ল ববডে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱালে শপত বাক্য। ২০২১ চনৰ ২৩ এপ্ৰিললৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ থাকিব ববডে।

      মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ববডেক ২০১৩ চনৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল। ববডেৰ পিতৃ অৰবিন্দ শ্ৰীনিবাস ববডে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মহাধিবক্তা আছিল। ভাতৃও এগৰাকী জ্যেষ্ঠ অধিবক্তা।

      উল্লেখযোগ্য যে অযোধ্যা বিবাদক লৈ গঠিত ৫জনীয়া বিচাৰপীঠৰ অন্যতম সদস্য আছিল ববডে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে দশক দশকজোৰা পুৰণি অযোধ্যা বিবাদক লৈ প্ৰদান কৰিছিল ঐতিহাসিক ৰায়।

      বিগত ১৩ মাহ ধৰি দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ দেওবাৰে অৱসৰ গ্ৰহণ কৰে ন্যায়াধীশ ৰঞ্জন গগৈয়ে।
      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
      First published: