ন্যায়াধীশ এন ভি ৰমণ (Justice NV Ramana)ক মঙলবাৰে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ২৪ এপ্ৰিলত শপত ল’ব ন্যায়াধীশ এন ভি ৰমণে।
চৰকাৰৰ ফালৰ পৰা জাৰি কৰা অধিসূচনা অনুসৰি, ন্যায়াধীশ ৰমণে ২৪ এপ্ৰিলত ভাৰতৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ স্থলাভিষিক্ত হ’ব। ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ববডেই। ন্যায়াধীশ ৰমণে ২০২২ চনৰ ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।
ন্যায়াধীশ নুতলপতি ভেংকট ৰমন (NV Ramana)ক ২০১৪ চনৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৮৩ চনৰ ১০ ফেব্ৰুৱাৰীত ওকালতি আৰম্ভ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|