• Home
  • »
  • News
  • »
  • nation
  • »
  • B V Nagarathna: ন্যায়াধীশ বি ভি নাগৰত্না কোন? যি হ'ব পাৰে স্বৰাজোত্তৰ ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ

B V Nagarathna: ন্যায়াধীশ বি ভি নাগৰত্না কোন? যি হ'ব পাৰে স্বৰাজোত্তৰ ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ

২০১৯ চনৰ এক বিচাৰত তেওঁ ৰায় দিছিল যে এটা মন্দিৰ "বাণিজ্যিক প্ৰতিষ্ঠান" নহয়।

২০১৯ চনৰ এক বিচাৰত তেওঁ ৰায় দিছিল যে এটা মন্দিৰ "বাণিজ্যিক প্ৰতিষ্ঠান" নহয়।

২০১৯ চনৰ এক বিচাৰত তেওঁ ৰায় দিছিল যে এটা মন্দিৰ "বাণিজ্যিক প্ৰতিষ্ঠান" নহয়।

  • Share this:

স্বৰাজোত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে দেশৰ আইনী ক্ষেত্ৰখনৰ শীৰ্ষ পদবীত অধিষ্ঠিত হ'বলৈ গৈ আছে এগৰাকী মহিলা ন্যায়াধীশ। ভাৰতৰ মুখ্য ন্যায়াধীশ (Chief Justice of India) ৰূপে প্ৰত্যক্ষ কৰাৰ সম্ভাৱনা থকা এই মহিলাগৰাকী হৈছে ন্যায়াধীশ বি ভি নাগৰত্না। সকলো ঠিকে থাকিলে তেওঁক ২০২৭ চনত ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশৰ ৰূপত দেখা যাব পাৰে।


বি ভি নাগৰত্না  কোন


বৰ্তমান কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বি ভি নাগৰত্নাই বেংগালুৰুত এজন উকীল হিচাপে আৰম্ভ কৰিছিল আইনী জীৱন। ২০০৮ চনৰ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল। দুবছৰ পিছত স্থায়ী ন্যায়ধীশ ৰূপে স্থলাভিষিক্ত হয়। ন্যায়াধীশ নাগৰত্নাৰ পিতৃ ই এছ ভেংকটৰামিয়াই ১৯৮৯ চনত প্ৰায় ছমাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ আছিল।


নাগৰত্নাৰ আইনী জীৱনৰ বহুল চৰ্চিত কৰ্ম


২০০৯ চনৰ নৱেম্বৰ মাহত কৰ্ণাটকত তেওঁক আৰু উচ্চ ন্যায়ালয়ৰ আন দুজন ন্যায়াধীশক প্ৰতিবাদকাৰী উকীলৰ এটা দলে আদালতৰ কোঠাত বন্দী কৰি ৰাখিছিল। কিন্তু তেওঁ উত্তেজিত পৰিস্থিতিটো সন্মানজনকভাৱে তথা সাহসেৰে মোকাবিলা কৰিছিল। অতি নম্ৰ সুৰত নাগৰত্নাই পিছত এই ঘটনা সম্পৰ্কত কৈছিল– "আমি খং কৰা নাই, কিন্তু আমি দুখিত যে বাৰখনে আমাৰ সৈতে এনে কৰিছে। আমি লাজত শিৰনত হৈছো।"


২০১২ চনত ন্যায়াধীশ নাগৰত্নাই বৈদ্যুতিন মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক ৰায়দান কৰিছিল। এই ৰায়ত তেওঁ উল্লেখ কৰিছিল– "যদিও তথ্যৰ সত্য প্ৰচাৰ যিকোনো সম্প্ৰচাৰ চেনেলৰ বাবে এক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা, তথাপি 'ব্ৰেকিং নিউজ', 'ফ্লেছ নিউজ' বা এনে আন যিকোনো ৰূপ নিয়ন্ত্ৰণ কৰিব লাগিব।"


কেন্দ্ৰীয় চৰকাৰক সম্প্ৰচাৰ মাধ্যম নিয়ন্ত্ৰণৰ বাবে এক স্বায়ত্তশাসিত আৰু আইনী প্ৰণালী স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনোৱাৰ সময়ত ন্যায়াধীশ নাগৰত্নাই অৱশ্যে স্পষ্ট কৰি দিয়ে যে নিয়ন্ত্ৰণৰ ধাৰণাটোৰ অৰ্থ চৰকাৰ বা ক্ষমতাৰ দ্বাৰা নিয়ন্ত্ৰণক বুজা উচিত নহয়।


২০১৯ চনৰ এক বিচাৰত তেওঁ ৰায় দিছিল যে এটা মন্দিৰ "বাণিজ্যিক প্ৰতিষ্ঠান" নহয় আৰু সেয়েহে কৰ্ণাটকৰ এটা মন্দিৰৰ কৰ্মচাৰীসকল গ্ৰেচুইটি পৰিশোধ আইনৰ অধীনত গ্ৰেচুইটিৰ অধিকাৰী নহয়। তেওঁ কয় যে কৰ্ণাটক হিন্দু ধৰ্মীয় প্ৰতিষ্ঠান আৰু দাতব্য এণ্ডোমেণ্ট আইনৰ অধীনত মন্দিৰৰ এজন কৰ্মচাৰী গ্ৰেচুইটি সুবিধাৰ অধিকাৰী হ'ব, যি হৈছে ৰাজ্যখনত প্ৰণয়ন কৰা এক বিশেষ আইন, কিন্তু গ্ৰেচুইটি পৰিশোধ আইনৰ অধীনত এয়া সম্ভৱ নহয়।


উল্লেখ্য, ন্যায়াধীশ বি ভি নাগৰত্নাৰ নাম আন তিনিগৰাকী মহিলা ন্যায়াধীশৰ ভিতৰত আছে। এওঁলোকৰ নাম উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম (SC Collegium)এ মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা ৯গৰাকী ন্যায়াধীশৰ লগতে আছে।  আন এক গুৰুত্বপূৰ্ণ কথা যে প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ এ ববডেই অৱসৰৰ আগেয়ে কৈছিল, 'এগৰাকী মহিলা ভাৰতত মুখ্য ন্যায়াধীশ হোৱাৰ সময় আহি হৈছে।'

Published by:Gautam Barman
First published: