মুখ্যপৃষ্ঠা »খবৰ »দেশ »Nagaland Polls 2023: নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি জে পি নাড্ডাই ক'লে-  “নগা সমস্যা-ENPOৰ দাবীও পূৰণ কৰিব BJPয়ে”

Nagaland Polls 2023: নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি জে পি নাড্ডাই ক'লে-  “নগা সমস্যা-ENPOৰ দাবীও পূৰণ কৰিব BJPয়ে”

Nagaland Assembly Election 2023: প্ৰধানমন্ত্ৰী মোদী-BJPৰ নেতৃত্বত আগবাঢ়িম: নেফিঅ' ৰিঅ'

Nagaland Assembly Election 2023: প্ৰধানমন্ত্ৰী মোদী-BJPৰ নেতৃত্বত আগবাঢ়িম: নেফিঅ' ৰিঅ'

Nagaland Assembly Election 2023: প্ৰধানমন্ত্ৰী মোদী-BJPৰ নেতৃত্বত আগবাঢ়িম: নেফিঅ' ৰিঅ'

  • Share this:

আৰম্ভ হ'ল নাগালেণ্ডত শাসকীয় NDPP আৰু BJPৰ যৌথ নিৰ্বাচনী প্ৰচাৰ (Nagaland Polls 2023)৷ পুনৰ নাগালেণ্ডৰ ক্ষমতাৰ বাঘজৰী হাতত ল'বলৈ যৌথ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীলৈ মঙলবাৰে ডিমাপুৰত উপস্থিত হয় BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ ডিমাপুৰ বিমানবন্দৰত NDPP আৰু BJPৰ নেতৃত্বই উষ্ম আদৰণি জনায় নাড্ডাক ৷


ইয়াৰ পিছতে ক'হিমালৈ ৰাওনা হয় নাড্ডা ৷ লগত মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ', উপ মুখ্যমন্ত্ৰী ৱাই পেটন আৰু BJPৰ নাগালেণ্ডৰ সভাপতি টেনজেম ইন্মা আলং৷ ক'হিমাত এখন জনসভাত জেপি নাড্ডাই অংশগ্ৰহণ কৰাৰ সময়ত উপ মুখ্যমন্ত্ৰী ৱাই পেটনে সদৰী কৰে কেনেদৰে NDPPৰ সৈতে অনাগত দিনত BJPয়ে কাম কৰিব ৷


এই জনসভাত মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৱে ২০১৮ৰ তুলনাত এইবাৰৰ নিৰ্বাচনত অধিক সংখ্যাগৰিষ্ঠতাৰে NDPP আৰু BJPয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷


ক'হিমাৰ জনসভাতে BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক আদৰিবলৈ এক নগা সাংস্কৃতিক নৃত্য পৰিৱেশন কৰা হয় ৷ ইয়াৰ পিছতে নিজৰ ভাষণ ৰাখে জে পি নাড্ডাই৷ নাড্ডাই দাবী কৰিলে ২০০৪-১৪ৰ তুলনাত উত্তৰ-পূবত ২০১৪-২০২৩ত ৭৪% হিসাত্মক ঘটনা হ্ৰাস পাইছে ৷


BJPৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই লগতে উল্লেখ কৰিলে এসময়ত হিংসাত্মক ঘটনাৰ বাবে কেনেদৰে নাগালেণ্ডৰ বহু বিধায়কে কাজিৰঙাত বাহৰ পাতি থাকিবলগীয়া হৈছিল ৷


নিজৰ ভাষণত নাড্ডাই উল্লেখ কৰিলে— প্ৰধানমন্ত্ৰী মোদীয়ে (PM Narendra Modi) কেনেদৰে নাগালেণ্ডৰ শিক্ষা, স্বাস্থ্য, ৰাষ্ট্ৰীয় ঘাইপথ, ৰে'লপথ আৰু বিমানসেৱা উন্নতিৰ বাবে কাম কৰিছে।


লগতে সাত দশক পুৰণি নগা সমস্যা সমাধান আৰু ইষ্ট্ৰাৰ্ন নাগালেণ্ডৰ দাবীও প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পূৰণ কৰিব বুলি সদৰী কৰে জে পি নাড্ডাই (JP Nadda)৷


নাগালেণ্ডত NDPP আৰু BJPৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী উদ্বোধন কৰি BJPৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ৰাওনা হয় মেঘালয়লৈ ৷ নিশা শ্বিলঙত কটাই বুধবাৰে মেঘালয়ত নাড্ডাই আৰম্ভ কৰিব BJPৰ নিৰ্বাচনী প্ৰচাৰ ৷

শেহতীয়া বাতৰি