ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এটা ভয়ংকৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা। জানিব পৰা মতে, ৬ টা গেছ চিলিণ্ডাৰ বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হৈছে। শনিবাৰে যোধপুৰত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সমগ্ৰ কীৰ্তিনগৰ অঞ্চল কঁপি উঠে। লাভ কৰা তথ্য অনুসৰি কীৰ্তি নগৰত এটাৰ পিছত এটাকৈ ৬ টা গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ২টা শিশুসহ ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬জন লোক আহত হৈছে।
উল্লেখযোগ্য যে এই বিস্ফোৰণত বহু বাহনো জ্বলিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰশাসনৰ দলটো সেই স্থানত উপস্থিত হয়। আহত সকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। একে সময়তে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি বিয়লি যোধপুৰৰ মাতা কা থান অঞ্চলৰ মাংৰা পুঞ্জলা অঞ্চলৰ এটি আৱাসী কলনীত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়, য’ত ৪ জন লোকৰ মৃত্যু হয়। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি লিখিছে – যোধপুৰৰ মগ্ৰা পুঞ্জলা অঞ্চলৰ কীৰ্তি নগৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু আৰু বহু লোক আহত হোৱাৰ দুঃখবৰত মৰ্মাহত হৈছো। স্থানীয় প্ৰশাসনৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত তথ্য লৈ আহত সকলৰ সঠিক চিকিৎসাৰ নিৰ্দেশনা দিয়া হৈছে।
जोधपुर में मगरा पूंजला एरिया के कीर्ति नगर में गैस सिलेंडर फटने से 4 लोगों की मृत्यु एवं कई लोगों के घायल होने की जानकारी बेहद दुखद है। स्थानीय प्रशासन से पूरी घटना की जानकारी ली है एवं घायलों के समुचित उपचार के निर्देश दिए हैं।
উল্লেখযোগ্য যে, এই ঘটনাত আহত বহু লোকৰ অৱস্থা সংকটজনক হৈ আছে। লাভ কৰা তথ্য অনুসৰি, কিছুমান লোকৰ শৰীৰৰ ৮০ শতাংশই জ্বলি গৈছে। আহত কেইজন চিকিৎসাধীন হৈ আছে। একে সময়তে এই ঘটনাৰ পিছত ঠায়ে ঠায়ে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল। জানিব পৰা মতে, অঞ্চলটোত অবৈধভাৱে গেছ ভৰোৱা হৈছিল, যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে।