Flipkart Jobs 2021: Flipkartত ভাৰতৰ বাবে খালী হৈছে ১২,৮৭০টা পদ। কেনেকৈ আবেদন কৰিব? জানক সবিশেষ

News18 Assam | News18-Assam
Updated:May 7, 2021, 6:42 PM IST
Flipkart Jobs 2021: Flipkartত ভাৰতৰ বাবে খালী হৈছে ১২,৮৭০টা পদ। কেনেকৈ আবেদন কৰিব? জানক সবিশেষ
ফ্লিপকাৰ্টে অভিযন্তা, মেনেজাৰ, ডেভেলপাৰ, পৰামৰ্শদাতা, এনালিষ্ট, দলনেতা, সহযোগী, কাৰ্যবাহী সহায়ক, মুখ্য এইচ আৰ অংশীদাৰ, ব্যৱসায় বিত্ত সহায়ক, ডাটা বিজ্ঞানী আৰু অন্যান্য পদৰ বাবে আৱেদন আমন্ত্ৰণ কৰি জাননী জাৰি কৰিছে।

ফ্লিপকাৰ্টে অভিযন্তা, মেনেজাৰ, ডেভেলপাৰ, পৰামৰ্শদাতা, এনালিষ্ট, দলনেতা, সহযোগী, কাৰ্যবাহী সহায়ক, মুখ্য এইচ আৰ অংশীদাৰ, ব্যৱসায় বিত্ত সহায়ক, ডাটা বিজ্ঞানী আৰু অন্যান্য পদৰ বাবে আৱেদন আমন্ত্ৰণ কৰি জাননী জাৰি কৰিছে।

  • Share this:
ফ্লিপকাৰ্টে অভিযন্তা, মেনেজাৰ, ডেভেলপাৰ, পৰামৰ্শদাতা, এনালিষ্ট, দলনেতা, সহযোগী, কাৰ্যবাহী সহায়ক, মুখ্য এইচ আৰ অংশীদাৰ, ব্যৱসায় বিত্ত সহায়ক, ডাটা বিজ্ঞানী আৰু অন্যান্য পদৰ বাবে আৱেদন আমন্ত্ৰণ কৰি জাননী জাৰি কৰিছে। ফ্লিপকাৰ্টে মুঠ ১২৮৭০ টা পদৰ বাবে আৱেদন আমন্ত্ৰণ কৰিছে।

ই-কমাৰ্চ উদ্যোগৰ অন্যতম আগশাৰীৰ কোম্পানী ফ্লিপকাৰ্টে 1 মে, 2021 তাৰিখে এক জাননী জাৰি কৰিছিল। এই নিযুক্তি প্ৰক্ৰিয়া কেৱল ভাৰতৰ বাবে। ইয়াৰ জৰিয়তে, কোম্পানীটোৱে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি দিবলৈ গৈ আছে।

শিক্ষাগত অৰ্হতা :

যিকোনো স্বীকৃত প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, বোৰ্ডৰ দ্বাদশ, স্নাতকোত্তৰ বা সমতুল্য ডিগ্ৰী থকা প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে।

বয়সৰ সীমা

নিম্নতম ১৮ ৰ পৰা সৰ্বাধিক ৪৫ বছৰৰ প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। SC/ ST /OBC/PWD/ PH শ্ৰেণীৰ প্ৰাৰ্থীসকলক বয়সৰ সীমাৰ পৰা ৰেহাই দিয়া হ'ব।

গুৰুত্বপূৰ্ণ তাৰিখ:

আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে : 1 মে 2021।

আবেদনৰ অন্তিম তাৰিখ : 31 ডিচেম্বৰ 2021।

আবেদন মাচুল :

প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ কোনো মাচুল পৰিশোধ কৰিব নালাগিব।

বেতন:

প্ৰাৰ্থীৰ দৰমহা ২০হাজাৰ টকাৰ পৰা প্ৰতি মাহে ৫৮,২০০ টকালৈকে হ'ব পাৰে।

কেনেদৰে apply কৰিব:

প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে ইয়াত দিয়া পোনপটীয়া লিংকৰ জৰিয়তে আবেদন কৰিব পাৰে। https://www.flipkartcareers.com/?otracker=undefined_footer_navlinks#!/joblist

বাছনি প্ৰক্ৰিয়া :

প্ৰাৰ্থীৰ বাছনি সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।
Published by: Kokil Sarma
First published: May 7, 2021, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি