JNUৰ হিংসাত্মক ঘটনা, গুৰুতৰভাৱে আহত JNUSUৰ সভানেত্ৰী আইশীৰ বিৰুদ্ধে ওলোটাই আৰক্ষীৰ এজাহাৰ

News18 Assam | News18-Assam
Updated:January 7, 2020, 4:31 PM IST
JNUৰ হিংসাত্মক ঘটনা, গুৰুতৰভাৱে আহত JNUSUৰ সভানেত্ৰী আইশীৰ বিৰুদ্ধে ওলোটাই আৰক্ষীৰ এজাহাৰ
এই সমগ্ৰ ঘটনাৰ দায়িত্ব লৈছে হিন্দু ৰক্ষা দলে। হিন্দু ৰক্ষা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পিংকী চৌধুৰীয়ে এক ভিডিঅ’ প্ৰকাশ কৰি কয় যে ছাত্ৰসকলক প্ৰহাৰ কৰাসকল তেওঁলোকৰ কৰ্মকৰ্তা আছিল।

এই সমগ্ৰ ঘটনাৰ দায়িত্ব লৈছে হিন্দু ৰক্ষা দলে। হিন্দু ৰক্ষা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পিংকী চৌধুৰীয়ে এক ভিডিঅ’ প্ৰকাশ কৰি কয় যে ছাত্ৰসকলক প্ৰহাৰ কৰাসকল তেওঁলোকৰ কৰ্মকৰ্তা আছিল।

  • Share this:
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইশী ঘোষসহ ১৯ শিক্ষাৰ্থীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। দেওবাৰে নিশা মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ দলে JNU চৌহদত প্ৰৱেশ কৰি শিক্ষাৰ্থীৰ লগতে একাংশ শিক্ষককো আক্ৰমণ কৰিছিল। এই আক্ৰমণত আহত হৈছিল মুঠ ৩৪ গৰাকী ছাত্ৰ–ছাত্ৰী। ইয়াৰ ভিতৰত আছিল ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইশী ঘোষো। আক্ৰমণত মূৰত গুৰুতৰ আঘাত পাইছিল আইশীয়ে।

ANIৰ খবৰ অনুসৰি, JNUত ৪ জানুৱাৰীত যি মাৰপিট আৰু ছাৰ্ভাৰ ৰুম লণ্ডভণ্ড কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছিল, তাৰ ভিতৰত JNUSUৰ সভানেত্ৰী আইশী ঘোষ আৰু তেওঁৰ ৭–৮ গৰাকী সতীৰ্থৰ নাম অন্তৰ্ভুক্ত হৈ আছে। এই এজাহাৰ JNU প্ৰশাসনে ৫ জানুৱাৰীত দাখিল কৰিছিল।


আনহাতে, এই সমগ্ৰ ঘটনাৰ দায়িত্ব লৈছে হিন্দু ৰক্ষা দলে। হিন্দু ৰক্ষা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পিংকী চৌধুৰীয়ে এক ভিডিঅ’ প্ৰকাশ কৰি কয় যে ছাত্ৰসকলক প্ৰহাৰ কৰাসকল তেওঁলোকৰ কৰ্মকৰ্তা আছিল। তেওঁ কয় যে JNUত দেশবিৰোধী কাম–কাজ চলি থাকে, যিটো সহ্য নহয়। তেওঁ কয় যে যদি কোনোৱে দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰে তেন্তে JNUৰ দৰে প্ৰত্যুতৰ দিয়া হ’ব।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি