মাছুল বৃদ্ধিকলৈ উত্তাল JNU, প্ৰতিবাদী সমদলক সংসদলৈ যোৱাত আৰক্ষীৰ বাধা, আৰক্ষীৰ সৈতে খণ্ড–যুদ্ধ

News18-Assam
Updated:November 18, 2019, 4:33 PM IST
মাছুল বৃদ্ধিকলৈ উত্তাল JNU, প্ৰতিবাদী সমদলক সংসদলৈ যোৱাত আৰক্ষীৰ বাধা, আৰক্ষীৰ সৈতে খণ্ড–যুদ্ধ
ছাত্ৰ–ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া বিশ্ব বিদ্যালয়খনৰ চৌহদত আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে

ছাত্ৰ–ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া বিশ্ব বিদ্যালয়খনৰ চৌহদত আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে

  • Share this:
হোষ্টেলৰ মাছুল বৃদ্ধিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ছাত্ৰ–ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া বিশ্ব বিদ্যালয়খনৰ চৌহদত আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনলৈ JNU ৰ প্ৰতিবাদী ছাত্ৰ–ছাত্ৰীয়ে সমদল কৰি যাওতে আৰক্ষীয়ে বাধা প্ৰদান কৰে। ফলত আৰক্ষীৰ সৈতে খণ্ড–যুদ্ধত লিপ্ত হয় একাংশ প্ৰতিবাদী ছাত্ৰ–ছাত্ৰী।

বিশ্ববিদ্যালয়খনত হোষ্টেলত থকাৰ বাবদ ছাত্ৰ–ছাত্ৰীয়ে দিব লগা মাছুল বৃদ্ধিক কেন্দ্ৰ কৰিয়েই উত্তপ্ত হৈ পৰিছে বিশ্ববিদ্যালয়থখন। বিশ্ববিদ্যালয়খনৰ হোষ্টেলত থকা ডাৱল ৰুমৰ বাবদ ছাত্ৰ–ছাত্ৰীয়ে প্ৰতি মাহে পৰিশোধ কৰা ১০ টকাৰ ঠাইত ৩০০ টকা,  চিংগল ৰুমৰ ২০ টকাৰ ঠাইত ৬০০ টকা,  ৱান টাইম মেচ চিকিউৰীটি মানী ৫৫০০ ৰ ঠাইত ১২,০০০ কৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে ছাত্ৰ–ছাত্ৰীসকল।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি