ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ পোষকতা কৰা শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:January 28, 2020, 7:29 PM IST
ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ পোষকতা কৰা শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ
শ্বাৰ্জিল ইমামৰ এটা ভিডিঅ’ৰ তোলপাৰ লগাইছিল দেশ।

শ্বাৰ্জিল ইমামৰ এটা ভিডিঅ’ৰ তোলপাৰ লগাইছিল দেশ।

  • Share this:
ভাৰতক অসমৰ পৰা বিচ্ছিন্ন কৰা JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ। বিহাৰৰ জাহানাবাদৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বাৰ্জিলক। ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত দিল্লী আৰক্ষীয়ে চলাইছিল অভিযান।

উল্লেখযোগ্য যে শ্বাৰ্জিল ইমামৰ এটা ভিডিঅ’ৰ তোলপাৰ লগাইছিল দেশ। ভিডিঅ’টোত কোৱা হৈছিল – ‘অসম আৰু ভাৰত খণ্ডিত হৈ পৃথক হৈ গ’লেহে তেওঁলোকে আমাৰ কথা শুনিব। অসমত মুছলমানসকলৰ কি অৱস্থা, আপুনি জানেনে? তাত এনআৰচি বলৱৎ হৈছে। মুছলিমসকলক ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে। ৬–৮ মাহৰ পিছত গম পোৱা যাব যে, সকলো বেংগলী মানুহক হত্যা কৰা হ’ল তাত। অসমক যদি আমি সহায় কৰিব বিচাৰো তেনেহ’লে অসমক আঁতৰাব লাগিব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি