সাৱৰকাৰৰ পাছত গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ হ’ব JNUৰ বিশেষ পথ

নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বৈঠকতে এই সিদ্ধান্তত জনোৱা হৈছিল অনুমোদন
নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বৈঠকতে এই সিদ্ধান্তত জনোৱা হৈছিল অনুমোদন
- News18 Assam
- Last Updated: March 18, 2020, 5:07 PM IST
নৱেম্বৰ মাহৰ বৈঠক খনত সেই নাম সমূহত অনুমোদন জনোৱা হৈছিল । সাৱৰকাৰ আৰু বৰদলৈৰ বাদে আন নাম সমূহ হৈছে দয়ানন্দ সৰস্বতী, ছত্ৰপতি শিৱাজী, মহাৰাণা প্ৰতাপ সিংহ, বাল গংগাধৰ তিলক, গুৰু ৰবিদাস, ৰাণী আব্বাকা, আব্দুল হামিড, মাহৰ্ষি বাল্মীকি, গাৰ্গী বচনকবি, বল্লভ ভাই পেটেল আৰু দ্বাৰা শিখহি ।
ইতিমধ্যেই সাৱৰকাৰৰ নামত জেএনইউত এটা পথৰ নামাকৰণ কৰা হৈছে। অৱশ্যে ইয়াকলৈ বিতৰ্কৰ সূত্ৰপাতো হৈছে । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংঘৰ সভানেত্ৰী আশীষ ঘোষৰ মতে এই পদক্ষেপ বিশ্ববিদ্যালয়ৰ legacyৰ কাৰণে লজ্জাজনক । আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপক স্বাগতম জনাইছে । মঙলবাৰে নতুনকৈ লগোৱা সাৱৰকাৰৰ নাম ফলক খনত ৰং সানি দিয়াৰ ঘটনাও সংঘটিত হৈছে।