কাশ্মীৰ সম্বন্ধে আপত্তিজনক মন্তব্য কৰি বিপদত JNUৰ প্ৰাক্তন ছাত্ৰী শ্বেহলা ৰছীদ

News18-Assam
Updated:August 19, 2019, 5:21 PM IST
কাশ্মীৰ সম্বন্ধে আপত্তিজনক মন্তব্য কৰি বিপদত JNUৰ প্ৰাক্তন ছাত্ৰী শ্বেহলা ৰছীদ
Source-Google

দেওবাৰে জম্মু০কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত JNUৰ প্ৰাক্তন ছাত্ৰী শ্বেহলা ৰছীদে কৰিছিল আপত্তিজনক মন্তব্য।

  • Share this:
JNU ৰ প্ৰাক্তন ছাত্ৰী তথা বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপাধ্যক্ষ শ্বেহলা ৰছীদে জম্মু–কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ছচিয়েল মিডিয়াত বিতৰ্কিত পষ্ট শ্বেয়াৰ কৰি এতিয়া বিপদত পৰিছে। ৰছীদে টুইটাৰত উল্লেখ কৰিছিল যে, জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাই জম্মুৰ জনসাধাৰণৰ স্বাধীনতা খৰ্ব কৰি জনসাধাৰণক গৃহবন্দী কৰাৰ লগতে মুক্তমনে চলা ফুৰা কৰাত বাধা আৰূপ কৰিছে বুলি মন্তব্য কৰিছিল।



জম্মু–কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যুৱ নেত্ৰীগৰাকীয়ে কৰা এনে মন্তব্যক ভিত্তিহীন আখ্যা দিছে ভাৰতীয় সেনাই।



এনেদৰে ছচিয়েল মিডিয়াত জম্মু–কাশ্মীৰ সন্দৰ্ভত শ্বহলা ৰছীদে বিতৰ্কিত মন্তব্য কৰাত সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অলখ আলোক শ্ৰীবাস্তৱ। এনেধৰণৰ উচতনি মূলক মন্তব্যৰে জম্মু–কাশ্মীৰক অশান্ত কৰিবলৈ ৰছীদে চেষ্টা কৰাৰ অভিযোগ। শীঘ্ৰেই ৰছীদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি