JNU চৌহদত কেনেকৈ সংঘটিত হৈছিল হিংসাত্মক ঘটনা? বিশ্ববিদ্যালয়ে প্ৰশাসনে জনালে সমগ্ৰ ঘটনা

News18 Assam | News18-Assam
Updated:January 6, 2020, 11:21 AM IST
JNU চৌহদত কেনেকৈ সংঘটিত হৈছিল হিংসাত্মক ঘটনা? বিশ্ববিদ্যালয়ে প্ৰশাসনে জনালে সমগ্ৰ ঘটনা
সাবৰমতী টি পইণ্টৰ সভাৰ মাজতে ABVP আৰু JNU ছাত্ৰ সন্থা সমৰ্থিত একাংশ ছাত্ৰৰ মাজত সংঘাত হয়। ইয়াৰ পিছতে মুখত ক’লা কাপোৰ বান্ধি অহা দলটোৱে সাবৰমতী হোষ্টেলত উদ্ভণ্ডালি আৰম্ভ কৰে।

সাবৰমতী টি পইণ্টৰ সভাৰ মাজতে ABVP আৰু JNU ছাত্ৰ সন্থা সমৰ্থিত একাংশ ছাত্ৰৰ মাজত সংঘাত হয়। ইয়াৰ পিছতে মুখত ক’লা কাপোৰ বান্ধি অহা দলটোৱে সাবৰমতী হোষ্টেলত উদ্ভণ্ডালি আৰম্ভ কৰে।

  • Share this:
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হোষ্টেল ফীজক লৈ দেওবাৰে সন্ধিয়া সংঘটিত হয় ব্যাপক হিংসাত্মক ঘটনা। মুখত ক’লা কাপোৰ বান্ধি হাতে হাতে লাঠি লৈ গুণ্ডা বাহিনীৰ দল প্ৰৱেশ কৰি প্ৰহাৰ কৰে ছাত্ৰ–ছাত্ৰীক। সাবৰমতী হোষ্টেলৰ লগতে কেইবাটাও বিল্ডিঙত উদ্ভণ্ডালি চলায় গুণ্ডাবাহিনীৰ দলটোৱে। লোহাৰ ৰডেৰে ছাত্ৰ–ছাত্ৰীৰ লগতে শিক্ষককো প্ৰহাৰ কৰে। এই ঘটনাত আহত হৈছে ২০জনৰো অধিক। আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ মাজতে JNU প্ৰশাখনে কয় যে ছেমিষ্টাৰ ফীজক লৈ প্ৰতিবাদ আৰু সমৰ্থনকাৰী ছাত্ৰ–ছাত্ৰীৰ মাজত হৈছে সংঘৰ্ষ, যিটো পিছলৈ হিংসাত্মক ৰূপ লয়। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এইপৰ্যন্ত চাৰিজনক আটক কৰিছে।

JNU প্ৰশাসনৰ মতে, হোষ্টেল চৌহদত বিগত ৮ অক্টোবৰৰ পৰা মাচুল বৃদ্ধিৰ প্ৰতিবাদত ছাত্ৰ একতা সভা আৰু আন ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ চলি আছে। ইয়াৰ মাজতে ডিচেম্বৰৰ ছেমিষ্টাৰ পৰীক্ষা বৰ্জন কৰে শিক্ষাৰ্থীসকলে। দুদিন ধৰি বাওঁ সংগঠনে ছাৰ্ভাৰ ৰুম দখল কৰি পঞ্জীয়ন প্ৰক্ৰিয়াত বাধা প্ৰদান কৰিছিল। ইয়াৰ মাজতে দেওবাৰে একাংশ শিক্ষাৰ্থীয়ে উইণ্টাৰ ছেমিষ্টাৰ ৰেজিষ্ট্ৰেচনৰ বাবে গৈছিল। সেই সময়তে ছাত্ৰ একতা সভাৰ লগতে বাওঁপন্থী ছাত্ৰ সংগঠনে তেওঁলোকক বাধা দিয়াৰ চেষ্টা চলায়। ইয়াকে লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। সেই সময়ত একাংশ শিক্ষকো উপস্থিত আছিল, কিন্তু কোনেও মাৰপিটত বাধা দিয়া নাছিল।

ইফালে, JNU চৌহদৰ ভিতৰৰ সাবৰমতী টি পইণ্টত JNU ছাত্ৰ একতা সভাই আয়োজন কৰিছিল এখন সভা। বহু সংখ্যক ছাত্ৰ–ছাত্ৰী উপস্থিত আছিল সভাত। প্ৰায় ৬.৩০ বজাত হঠাৎ ৪০–৫০ জনীয়া এটা দলে মুখত কাপোৰ বান্ধি, হাতত লাঠি লৈ প্ৰৱেশ কৰে আৰু মাৰপিট আৰম্ভ কৰে।



সাবৰমতী টি পইণ্টৰ সভাৰ মাজতে ABVP আৰু JNU ছাত্ৰ সন্থা সমৰ্থিত একাংশ ছাত্ৰৰ মাজত সংঘাত হয়। ইয়াৰ পিছতে মুখত ক’লা কাপোৰ বান্ধি অহা দলটোৱে সাবৰমতী হোষ্টেলত উদ্ভণ্ডালি আৰম্ভ কৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হয়। কিন্তু JNU চৌহদত আৰক্ষীক প্ৰৱেশত অনুমতি দিয়া হোৱা নাছিল। পিছত VCৰ অনুমতি লৈ দিল্লী আৰক্ষী চৌহদত প্ৰৱেশ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। এই ঘটনাৰ পিছতে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত জামিয়াৰ ছাত্ৰসকল একত্ৰিত হয় আৰু গুণ্ডা বাহিনীৰ দলটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ দাবী জনায়।


এই মাৰপিটৰ ফলত আহতসকল চিকিৎসাধীন হৈ আছে। নিশা গুৰুতৰভাৱে আহত ২৩ শিক্ষাৰ্থীক হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ ভিতৰত ১২জনে মূৰত আঘাত পাইছে। JNU ছাত্ৰ একতা সভাৰ সভাপতি আইশী ঘোষৰ অৱস্থা সংকটজনক।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি