JNUৰ আক্ৰমণ আছিল সুপৰিকল্পিত, কোনে কেনেকৈ চলাইছিল আক্ৰমণ, জনালে অসমীয়া গৱেষক ছাত্ৰই

News18 Assam | News18-Assam
Updated:January 7, 2020, 9:23 AM IST
JNUৰ আক্ৰমণ আছিল সুপৰিকল্পিত, কোনে কেনেকৈ চলাইছিল আক্ৰমণ, জনালে অসমীয়া গৱেষক ছাত্ৰই
মৃণাল বৰাই নিউজ18ক ক’লে ভয়ংকৰ অভিজ্ঞতাৰ কাহিনী।

মৃণাল বৰাই নিউজ18ক ক’লে ভয়ংকৰ অভিজ্ঞতাৰ কাহিনী।

  • Share this:
দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ওপৰত বৰ্বৰ আক্ৰমণ পূৰ্বে পৰিকল্পিত আছিল; নহ’লে ইমান কম সময়ত ১০০/১৫০ দুৰ্বৃত্তই ৰ’ড লাঠিৰে সুসজ্জিত হব নোৱাৰে। এই গুৰুতৰ অভিযোগ বিশ্ববিদ্যালয় খনৰ গৱেষক ছাত্ৰ অসমৰ মৃণাল বৰাৰ ।  দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল অসমৰ নিবাসী বৰা । 

বিশ্ববিদ্যালয়ৰ চৌহদত শান্তি সমদল উলিয়াবলৈ একত্ৰিত হোৱা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ লগত আছিল মৃণাল । মৃণালে জনোৱা মতে প্ৰথমতে দুষ্কৃতিকাৰীয়ে শিলগুটিৰে আক্ৰমণ কৰিছিল আৰু তাৰ পাছত ৰ’ড/লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল একত্ৰিত শিক্ষাৰ্থী আৰু শিক্ষকক ।

এই ঘটনাৰ আঁৰত ABVP আৰু বজৰং দল জড়িত আছিল বুলিও মন্তব্য কৰে বৰাই । বৰাৰ বিস্ফোৰক দাবী, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভানেত্ৰী অইচে ঘোষক প্ৰাণে মৰাৰ পৰিকল্পনা আছিল দুৰ্বৃত্তৰ।
Published by: Tulika Devi
First published: January 6, 2020, 5:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading