J&K: ১০ মিনিট পলমকৈ হোষ্টেলত উপস্থিত হোৱাত ২০ জনতকৈ অধিক ছাত্ৰক বেল্টেৰে প্ৰহাৰ কৰিলে শিক্ষকে

শিক্ষকে নিষ্ঠুৰতাৰে ছাত্ৰক মাৰপিট কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছত শিশু কল্যাণ সমিতিয়ে শিক্ষকৰ বিৰুদ্ধে জাৰি কৰিছে জাননী।

news18assam
Updated:June 20, 2019, 12:13 PM IST
J&K: ১০ মিনিট পলমকৈ হোষ্টেলত উপস্থিত হোৱাত ২০ জনতকৈ অধিক ছাত্ৰক বেল্টেৰে প্ৰহাৰ কৰিলে শিক্ষকে
শিক্ষকে নিষ্ঠুৰতাৰে ছাত্ৰক মাৰপিট কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছত শিশু কল্যাণ সমিতিয়ে শিক্ষকৰ বিৰুদ্ধে জাৰি কৰিছে জাননী।
news18assam
Updated: June 20, 2019, 12:13 PM IST
জম্মু–কাশ্মীৰৰ ডোডাত অমানুষিক ঘটনা সংঘটিত হৈছে। হোষ্টেলত ১০ মিনিট পলমকৈ হোৱাত ২০ জনতকৈ অধিক ছাত্ৰক নৃশংসভাৱে বেল্টেৰে প্ৰহাৰ কৰিলে শিক্ষকে। শিক্ষকে নিষ্ঠুৰতাৰে ছাত্ৰক মাৰপিট কৰাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছত শিশু কল্যাণ সমিতিয়ে শিক্ষকৰ বিৰুদ্ধে জাৰি কৰিছে জাননী। শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ হ’ব লাগিব আৰু ইয়াক অৱমাননা কৰিলে শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

খবৰ অনুসৰি জম্মু–কাশ্মীৰৰ ডোডা জিলাত আছে গুজ্জৰ এণ্ড বকৰবাল হোষ্টেল। সোমবাৰে হোষ্টেলত বাস কৰা ছাত্ৰই হোষ্টেলত উপস্থিত হোৱাত ১০ মিনিট পলম কৰিলে। এই কথাত এজন শিক্ষক ক্ষোভিত হৈ তেওঁলোকক বেল্টেৰে মাৰধৰ কৰিলে। শিক্ষকৰ এই নৃশংসতাৰ ফটো তুলিলে আৰু ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে। ছচিয়েল মিডিয়াত শিক্ষকৰ এই ফটো দেখাৰ পিছত শিশু কল্যাণ সমিতিয়ে শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

 


আৰু চাওক পৰৱৰ্তী বাতৰি