ৰাহুল গান্ধীৰ সৈতে একেলগে উঠা-বহা কৰে অসম কংগ্ৰেছৰ দায়িত্ব লাভ কৰা জীতেন্দ্ৰ সিঙে ৷ ৰাহুলৰ অতি বিশ্বাসী বন্ধু জীতেন্দ্ৰ সিঙৰ ওপৰতে এতিয়া অসম প্ৰদেশৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ ৰাহুলে গান্ধীয়েও ভালকৈ জানে যে, তেওঁৰ অন্যতম বিদ্বেষী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ ৰাজ্য অসমত কংগ্ৰেছৰ পুনৰুদ্ধাৰৰ বাবে লাগিব নতুন কৌশল ৷ সেই হিচাপতে ৰাহুলৰ ৰণনীতি মতে অসমৰ দায়িত্ব দিয়া হ'ল জীতেন্দ্ৰ সিঙক ৷ কিন্তু জীতেন্দ্ৰ সিঙে পুনৰুদ্ধাৰ কৰিব পাৰিবনে কংগ্ৰেছক?
আমাৰ হাতত পৰা তথ্য মতে, অক্টোবৰৰ পহিলা সপ্তাহত অসমলৈ আহিব জীতেন্দ্ৰ সিং ৷ অসমৰ দায়িত্ব লাভ কৰাৰ পিছতে জীতেন্দ্ৰ সিঙে অসমত নিয়োগ কৰে তেৰজনীয়া এটা বিশেষ দল ৷ দলটোৱে ছাৰ্ভে কৰিলে ৰাজ্য খনত কংগ্ৰেছ দলৰ অৱস্থাৰ সন্দৰ্ভত। আনকি তেৰজনীয়া দলটোৱে ইতিমধ্যে প্ৰতিবেদনো দাখিল কৰিছে জীতেন্দ্ৰ সিঙক ৷ খবৰ মতে, জীতেন্দ্ৰ সিং সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছৰ কেতবোৰ কাৰ্য্যত ৷
ইপিনে গুৱাহাটীৰ ৰাজীৱ ভৱনত চলিছে ব্যাপক প্ৰস্তুতি ৷ জীতেন্দ্ৰ সিঙৰ ফটো সম্বলিত বেনাৰ আৰু হৰ্ডিং অঁৰা হৈছে ৰাজীৱ ভৱনত ৷ ৰাজীৱ ভৱনত এতিয়া তৰুণ গগৈ, ৰাহুল গান্ধী, ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াৰ ফটোৰ লগত আৰি দিয়া হৈছে অসমৰ দায়িত্ববাহী জীতেন্দ্ৰ সিঙৰ ফটো ৷ মুঠতে নতুন দায়িত্ববাহী সিঙক আদৰিবলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ ৷ পিছে- APCCৰ কেতবোৰ কাৰ্যত অসন্তুষ্ট সিঙে অসমলৈ আহি পাখি কাটিব বহু কেইজন জ্যেষ্ঠ নেতাৰ ৷ AICCৰ শীৰ্ষ সুত্ৰই সদৰি কৰা মতে, বিসম্বাদী নেতাক নাকী লগাবলৈ সাজু জিতেন্দ্ৰ সিং।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 27, 2020, 15:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।