Jio–এ আগবঢ়াইছে থাইলেণ্ডলৈ যোৱাৰ সুযোগ লগতে ১০০জনক ফ্ৰী ৰিচাৰ্জ! ফোন উঠাই কৰক এই কাম

News18 Assam | News18-Assam
Updated:January 27, 2020, 6:52 PM IST
Jio–এ আগবঢ়াইছে থাইলেণ্ডলৈ যোৱাৰ সুযোগ লগতে ১০০জনক ফ্ৰী ৰিচাৰ্জ! ফোন উঠাই কৰক এই কাম
Jio's Got Talentত অংশ লোৱাৰ অন্তিম দিন ৪ফেব্ৰুৱাৰী।

Jio's Got Talentত অংশ লোৱাৰ অন্তিম দিন ৪ফেব্ৰুৱাৰী।

  • Share this:
ৰিলায়েন্স জিঅ’ (Reliance Jio) আৰু স্নেপশ্বেট ইংক (Snapchat Inc)–এ একেলগে ব্যৱহাৰকাৰীক প্ৰদান কৰিছে এক ক্ৰিয়েটিভ প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ। ‘Jio’s Got Talent’ নামৰ এইটো ভাৰতৰ প্ৰথমটো ১০ছেকেণ্ডৰ সৃজনীমূলক প্ৰত্যাহ্বান। ইয়াৰ বিজয়ীজনক থাইলেণ্ডলৈ যোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। এই প্ৰত্যাহ্বানৰ জৰিয়তে স্নেপশ্বেটৰ ইউজাৰ্ছে বঢ়িয়া আকৰ্ষণীয়ভাৱে নিজৰ প্ৰতিভা তুলি ধৰিব পাৰিব। 

Jio's Got Talent চেলেঞ্জ কি?

–জিঅ’ আৰু স্নেপশ্বেটে Snapchat Lens প্ৰস্তুত কৰিছে। ইয়াত ব্যৱহাৰকাৰীয়ে বেলেগ বেলেগ প্ৰপাৰ্টী যেনে মাইক, হেট, হেডফোন আৰু লাইট ৰিং নিৰ্বাচন কৰিব পাৰে।

–এই চেলেঞ্জত অংশ ল’বলৈ বিচৰা ইউজাৰ্ছসকলে স্নেপশ্বেটত Jio’s Got Talentৰ লেন্স ব্যৱহাৰ কৰি ১০ছেকেণ্ডৰ ভিডিও ৰেক’ৰ্ড কৰিব লাগিব। এই ভিডিওত দেখুৱাব লাগিব নিজৰ প্ৰতিভা।

–ইয়াৰ পিছত অংশগ্ৰহণকাৰীয়ে নিজৰ স্নেপশ্বেট বা স্নেপক’ড ইউজাৰ নেম ভিডিওত লিখিব লাগিব আৰু সেয়া স্নেপশ্বেটৰ ‘Our Story’ত আপলোড কৰিব লাগিব যাতে এই ভিডিও সকলোৱে (Public) দেখা পায়।

–ইয়াত আকৰ্ষণীয় আৰু সৃজনীমূলক কণ্টেন্ট প্ৰদান কৰাসকলক জিঅ’ৰ তৰফৰ পৰা পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

২৬জানুৱাৰী ২০২০ৰ পৰা আৰম্ভ কৰা এই চেলেঞ্জ ৪ফেৱ্ৰুৱাৰী ২০২০লৈ সীমিত।

জয়ী এজনক থাইলেণ্ডলৈ ট্ৰিপ প্ৰদান কৰা হ’ব। আনসকলক পুৰষ্কাৰ হিচাপে জিঅ’ ৰিচাৰ্জ বিনামূলীয়াকৈ দিয়া হ’ব। 

ইয়াত ক্লিক কৰি অংশ লওক প্ৰতিযোগীতাত...
আৰু চাওক
পৰৱৰ্তী বাতৰি