২২ খন আন্তঃৰাষ্ট্ৰীয় বিমানত জিঅ’ই আৰম্ভ কৰিলে মোবাইল চাৰ্ভিচ, জাৰি কৰিলে নতুন ৰিচাৰ্জ প্লেন

ৰিলায়েন্স জিঅ’ৰ তৰফৰ পৰা ২২ খন অন্তঃৰাষ্ট্ৰীয় বিমানত মোবাইল চাৰ্ভিচ আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে।
ৰিলায়েন্স জিঅ’ৰ তৰফৰ পৰা ২২ খন অন্তঃৰাষ্ট্ৰীয় বিমানত মোবাইল চাৰ্ভিচ আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে।
- News18 Assam
- Last Updated: September 24, 2020, 11:06 PM IST
ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত মোবাইল চাৰ্ভিচ প্ৰদান কৰা ভাৰতৰ দ্বিতীয়টো টেলিকম প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল ৰিলায়েন্স জিঅ’।
জিঅ’ৰ তৰফৰ পৰা বিদেশ যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ বাবে ভাৰতত তিনিটা বিশেষ ৰোমিং পেকৰ কথা ঘোষণা কৰা হৈছে। সেইকেইটা হ’ল ৪৯৯, ৬৯৯ আৰু ৯৯৯ টকা মূল্যৰ। আটাইকেইটা প্লেনতে এদিনত আউটগয়িং ক’লৰ বাবে ১০০ মিনিট উপলব্ধ হ’ব। লগতে থাকিব ১০০ টা এছ এম এছৰ সুবিধা।