• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘AEROMOBILE’ৰ সহযোগত জিঅ’ই মুকলি কৰিলে ভাৰতৰ প্ৰথম ‘IN-FLIGHT MOBILE SERVICES’

‘AEROMOBILE’ৰ সহযোগত জিঅ’ই মুকলি কৰিলে ভাৰতৰ প্ৰথম ‘IN-FLIGHT MOBILE SERVICES’

জিঅ’ পোষ্টপেইডৰ গ্ৰাহকসকলে প্ৰথমে লাভ কৰিব ইন-ফ্লাইটত ভইচ আৰু ডাটাৰ সুবিধা। ২৪ ঘণ্টাৰ বাবে প্লেন আৰম্ভ হ’ব মাত্ৰ ৪৯৯ টকাৰ পৰা।

জিঅ’ পোষ্টপেইডৰ গ্ৰাহকসকলে প্ৰথমে লাভ কৰিব ইন-ফ্লাইটত ভইচ আৰু ডাটাৰ সুবিধা। ২৪ ঘণ্টাৰ বাবে প্লেন আৰম্ভ হ’ব মাত্ৰ ৪৯৯ টকাৰ পৰা।

জিঅ’ পোষ্টপেইডৰ গ্ৰাহকসকলে প্ৰথমে লাভ কৰিব ইন-ফ্লাইটত ভইচ আৰু ডাটাৰ সুবিধা। ২৪ ঘণ্টাৰ বাবে প্লেন আৰম্ভ হ’ব মাত্ৰ ৪৯৯ টকাৰ পৰা।

  • Share this:
পেনাচনিক এভিঅ’নিকছ ক’ৰ্পৰেশ্যন চাবচিডিয়েৰীৰ ‘AEROMOBILE’ৰ সহযোগত ৰিলায়েন্স জিঅ’ই নিজৰ জিঅ’ পোষ্ট পেইড গ্ৰাহকসকলৰ বাবে ভাৰতবৰ্ষত প্ৰথমবাৰলৈ মুকলি কৰিলে ইন-ফ্লাইট মোবাইল চাৰ্ভিচ। ৰিলায়েন্স জিঅ’ই এই সুবিধা ল’বলৈ বিদেশলৈ যাত্ৰা কৰা প্ৰতিজন ভাৰতীয় যাত্ৰীকেই অনুমতি প্ৰদান কৰিছে।

সদ্যহতে, ইন-ফ্লাইট চাৰ্ভিচৰ সুবিধা বিদেশ যাত্ৰা কৰিবলগীয়া ভাৰতীয় যাত্ৰীসকলে ল’ব পাৰিব। কিন্তু শীঘ্ৰে ৱাৰতৰ সীমাৰ ভিতৰতো শীঘ্ৰে আৰম্ভ হ’ব এই সেৱা।

এই সন্দৰ্ভত জিঅ’ৰ ডাইৰেক্টৰ আকাশ আম্বানীয়ে কয় যে, জিঅ’ পোষ্টপেইড প্লাচে নতুন আশা কঢ়িয়াইছে। এতিয়া আমি ‘AEROMOBILE’ৰ সহযোগত ইন-ফ্লাইট ৰোমিং সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আমি আমাৰ গ্ৰাহকক এই সুবিধা দিবলৈ পাই অত্যন্ত সুখী। এতিয়া গ্ৰাহকে হাই কোৱালিটী, সুৰক্ষিত ৰোমিং ২০ হাজাৰ ফুট উচ্চতাতো লাভ কৰিব পাৰিব।’

কিদৰে ব্যৱহাৰ কৰিব লাগিব জিঅ’ৰ ইন ফ্লাইট পেক?

১. স্মাৰ্টফোনৰ চুইটচ অন কৰিব লাগিব লগতে অফ কৰিব লাগিব Airplane Mode।
২. তেতিয়া লগে লগে আপোনাৰ ফোন AeroMobile networkৰ সৈতে কানেক্ট হৈ যাব।
৩. যদি কানেক্ট নহয়, তেন্তে আপোনাৰ ফোনত থকা ‘Carrier’ অপচনলৈ যাব আৰু মেনুৱেলি AeroMobile চিলেক্ট কৰিব।
৪.ডাটা চাৰ্ভিচ ব্যৱহাৰৰ সময়ত ডাটা ৰোমিং অন আছে নে নাই, সেয়া নিশ্চিত কৰিব লাগিব।
৫.কানেক্ট হোৱাৰ লগে লগে এটা ৱেলকাম মেছেজ লাভ কৰিব।

জিঅ’ৰ মোবাইল চাৰ্ভিচ লাভ কৰিবলগীয়াৰ বিমানৰ তালিকাত আছে Cathay Pacific, Singapore Airlines, Emirates, Etihad Airways, Euro Wings, Lufthansa, Malindo Air, Biman Bangladesh Airlines, and Alitalia।

জিঅ’ ইন ফ্লাইট পেকঃ

৪৯৯, ৬৯৯ আৰু ৯৯৯ টকা মূল্যৰ তিনিটা পেক আৰম্ভ কৰা হৈছে। আটাইকেইটা প্লেনতে এদিনত আউটগয়িং ক’লৰ বাবে ১০০ মিনিট উপলব্ধ হ’ব। সেইদৰে ৪৯৯ টকাত লাভ কৰিব ২৫০ জিবি ডাটা, ৬৯৯ টকাত লাভ কৰিব ৫০০ জিবি ডাটা আৰু ৯৯৯ টকাত লাভ কৰিব ১ জিবি ডাটা। আটাইকেইটা পেকৰে ম্যাদ এদিন।
Published by:Himangshu Bhuyan
First published: