உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষই প্ৰশংসাৰে উপচালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীক

    মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষই প্ৰশংসাৰে উপচালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীক

    ৰিলায়েন্স জিঅ’ৰ ৯.৯৯ শতাংশ শ্বেয়াৰ কিনিলে ফেচবুকে। মুকেশ আম্বানীৰ সংস্থাৰ জিঅ’ প্লেটফ’ৰ্মছ লিমিটেডত ৫.৭ বিলিয়ন অৰ্থাৎ ৪৩,৫৭৪ কোটি টকা বিনিয়োগ কৰিলে মার্ক জাকাৰবার্গে

    • Share this:
    মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই অভিনন্দন জনোৱাৰ লগতে প্ৰশংসাৰে উপচালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীক। মুকেশ  আম্বানীৰ প্ৰতিষ্ঠান ৰিলায়েন্সে ডিজিটেল মিডিয়া ক্ষেত্ৰখনত ফেচবুকৰ সৈতে আৰম্ভ কৰিবলৈ আগবঢ়া বৃহৎ ব্যৱসায়িক সম্পৰ্কৰ বাবে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই অভিনন্দন জনাইছে মুকেশ আম্বানীক । 

    নিজৰ টুইটাৰ একাউণ্টত আনন্দ মহিন্দ্ৰাই লিখিছে যে, কোৰোণা ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰা এই জটিল সময়ছোৱাত হোৱা এই ব্যৱসায়িক সম্পৰ্ক এক শুভ লক্ষণ। এই ব্যৱসায়িক বিস্তৃতিয়ে  ভাৰতৰ অৰ্থনীতিয়ে লাভ কৰিব লগা গুৰুত্বৰ কথাও প্ৰতিফলিত কৰিছে । আনন্দ মহিন্দ্ৰাই আৰু টুইটাৰত লিখিছে-‘ভাৰতে অনাগত দিনসমূহত সমগ্ৰ বিশ্বৰ ভিতৰতে উন্নয়নৰ অভিকেন্দ্ৰ হ’ব বুলি চৰ্চা হৈ থকা ধাৰণাটোক অধিক দৃঢ় কৰি তুলিলে এই পদক্ষেপে।’

    উল্লেখ্য য়ে , আমেৰিকাৰ ছচিয়েল মিডিয়া প্ৰতিষ্ঠান ফেচবুকে উদ্যোগপতি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ সৈতে এক বৃহৎ চুক্তি সম্পন্ন কৰে। ফেচবুকে ৰিলায়েন্স ডিজিটেল অপাৰেশ্যন ‘ৰিলায়েন্স জিঅ’ত ৫.৭বিলিয়ন অৰ্থাৎ ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ কৰিছে। লগতে ফেচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯৯% অংশীদাৰিত্ব ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰিছে। এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ’ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে। আনহাতে এই ব্যৱসায়িক চুক্তিৰ পিছত ৰিলেয়েন্স জিঅ'ৰ মূল্য হলগৈ ৪.৬২ লাখ কোটি টকা ।
    Published by:Himangshu Bhuyan
    First published: