মুম্বাইত অনুষ্ঠিত ৰিলায়েঞ্চৰ বাৰ্ষিক সন্মিলনত অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে জিঅ’ৰ গ্ৰাহকে অতিক্ৰম কৰিছে ৩৪০ মিলিয়নৰ সংখ্যা। প্ৰতিমাহে ১০ কোটি ভাৰতীয় ব্যৱহাৰকাৰীয়ে জিঅ’ৰ জৰিয়তে ভিডিঅ’ কল কৰে।
সভাত আম্বানীয়ে কয় – আমি জিঅ’ৰ বাবে আৰু চাৰিটা নতুন ইঞ্জিন আৰম্ভ কৰিবলৈ সাজু হৈছো। Internet of Things (IoT), Home broadband services, Enterprise broadband services আৰু Broadband for small and medium businesses। জিঅ’ ছেট টপ বক্সৰ জৰিয়তে ভাৰতৰ প্ৰথম মাল্টিপ্লেয়াৰ অনলাইন নেটৱৰ্কো মুকলি কৰা হয় সভাত।
গ্ৰাহকে কেৱল ডাটাৰ বাবে পইচা দিব লাগিব। সমগ্ৰ ভাৰতত সৰ্বকাললৈ বিনামূলীয়া হ’ব ৰিলায়েঞ্চ জিঅ’ৰ লেণ্ডলাইন ভইচ কল। জিঅ’ ফাইবাৰ প্লেনৰ স্পীড ১০০ mbpsৰ পৰা আৰম্ভ হ’ব আৰু ইয়াক ১ gbpsলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|