• Home
  • »
  • News
  • »
  • nation
  • »
  • পোষ্টপেইড গ্ৰাহকৰ কাৰণে Reliance Jioৰ নতুন প্লেন, মাত্ৰ ৩৯৯টকাত বিনামূল্যে লাভ কৰক Netflix, Amazon Prime, Disney Plus Hotstar

পোষ্টপেইড গ্ৰাহকৰ কাৰণে Reliance Jioৰ নতুন প্লেন, মাত্ৰ ৩৯৯টকাত বিনামূল্যে লাভ কৰক Netflix, Amazon Prime, Disney Plus Hotstar

ফ্রী কলিং তথা দুর্দান্ত ডাটা অফাৰৰ লগতে ন্যূনতম ৩৯৯ টকাৰ ৰিচাৰ্ড প্লেনত সম্পূৰ্ণ বিনামূলীয়াকৈ জিঅ’ গ্ৰাহকসকলে চাব পাৰিব নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ দৰে অটিটি।

ফ্রী কলিং তথা দুর্দান্ত ডাটা অফাৰৰ লগতে ন্যূনতম ৩৯৯ টকাৰ ৰিচাৰ্ড প্লেনত সম্পূৰ্ণ বিনামূলীয়াকৈ জিঅ’ গ্ৰাহকসকলে চাব পাৰিব নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ দৰে অটিটি।

ফ্রী কলিং তথা দুর্দান্ত ডাটা অফাৰৰ লগতে ন্যূনতম ৩৯৯ টকাৰ ৰিচাৰ্ড প্লেনত সম্পূৰ্ণ বিনামূলীয়াকৈ জিঅ’ গ্ৰাহকসকলে চাব পাৰিব নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ দৰে অটিটি।

  • Share this:
মুম্বাইঃ পোষ্টপেইড গ্ৰাহকৰ কাৰণে দুৰ্দান্ত প্লেন লৈ হাজিৰ হৈছে ৰিলায়েন্স জিঅ’। ফ্ৰী কলিং অফাৰৰ সৈতে ন্যূনতম ৩৯৯ টকাৰ ৰিচাৰ্জ প্লেনত সম্পূৰ্ণ বিনামূলীয়াকৈ জিঅ’ গ্ৰাহকসকলে চাব পাৰিব নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ দৰে অটিটি ৷ জিঅ’ গ্রাহকসকলৰ কাৰণে কোম্পানীয়ে লৈ আনিছে Jio Postpaid Plus, Postpaid Dhan Dhana dhan অফাৰ ৷ ইয়াত Netflix, Amazon Prime, Disney Plus Hotstar-ৰ দৰে অটিটি প্লেটফ’ৰ্ম বিনামূলীয়াকৈ চোৱাৰ সুবিধা লাভ কৰিব সম্পূৰ্ণ পৰিয়ালৰ সৈতে। এইসমূহ সুবিধাৰ লগতে পৰিয়ালৰ একাধিক জিঅ’ নম্বৰৰ কাৰণে লাভজনক প্লেন, ডাটা ৰোলওভাৰ, ফ্রী ইন্টাৰনেচনেল ৰোমিঙৰ সুবিধাও পাব।

ইয়াৰ লগতে ৰিলায়েন্স জিঅ’ৰ কোনো ডাউনটাইম বাদ দি মাত্ৰ এটা ক্লিকত গ্ৰাহকে প্ৰিপেড কানেকচন পোষ্টপেইডলৈ ৰূপান্তৰ কৰাৰ সুবিধা প্ৰদান কৰিছে। আনকি কোম্পানীয়ে ঘৰত দিয়াই দিব নতুন ছিম। জিঅ’ JioPostPaid Plus অফাৰ আৰম্ভ কৰা হৈছে এনেকৈ। ইয়াত ৩৯৯ টকা, ৫৯৯ টকা , ৭৯৯ টকা, ৯৯৯ আৰু ১৪৯৯ টকাৰ পাঁচটা ৰিচার্জ প্লেন আছে। ইয়াত জিঅ’ পোষ্টপেইড গ্ৰাহকৰ লগতে অটিটি প্লেটফর্মসমূহৰ চাবস্ক্ৰিপচন বিনামূলীয়াকৈ পাব। ইয়াৰ লগতে পাব বিভিন্ন জিঅ’ এপৰ ফ্রী মেম্বাৰশ্বিপো ৷
জিঅ’ পোষ্টপেইড গ্ৰাহকসকলে JioPostPaid Plus-ৰ Features Plus অপচনৰ পৰা মাত্র ২৫০ টকাৰে সম্পূৰ্ণ পৰিয়ালৰ কাৰণে কানেকচন ল’ব পাৰিব। ইয়াত ৫০০ জিবি পর্যন্ত ডাটা ৰোলওভাৰৰ অপচন আছে। ভাৰত তথা বিদেশলৈ ৱাইফাই কলিঙৰ সুবিধাও পাব গ্রাহকে ৷ International Plus ফিচাৰৰ জৰিয়তে গ্রাহকে বিদেশ যাত্রাৰ সময়ত বিমানতো কানেক্টিভিটিৰ সুবিধা পাব ৷ ইয়াত আমেৰিকা তথা আৰৱ আমিৰশ্বাহিলৈ ইন্টাৰনেচনেল ৰোমিঙৰ ক্ষেত্রত কোনো চার্জ নালগিব। ইয়াত ইন্টাৰেনচেনেল ৰোমিঙত ৫০ পইচা প্রতি মিনিট ৰেটত আইএছটিডি কলো কৰিব পাৰিব জিঅ’ পোষ্টপেইড গ্রাহকসকলে ৷



JioPostPaid Plus-ৰ Experience Plus ফিচাৰৰ মাধ্যমত ফোনৰ বেলেন্স নষ্ট নকৰাকৈ কোনো ডাউনটাইম নষ্ট নকৰাকৈ চকুৰ পলকত বর্তমানৰ প্লেন পোষ্টপেইড প্লেনলৈ বদলি কৰিব পাৰিব। ৩৯৯ টকাৰ ৰিচার্জ প্লেনত গ্রাহকে পাব আনলিমিডেট ফ্রী কলিং আৰু এছএমএছৰ সুবিধা, ৭৫ জিবি ডাটা, জিঅ’ শাৱন, জিঅ’ চিনেমা তথা জিঅ’ টিভিৰ লগতে নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ ফ্রী চাবস্ক্ৰীপচন ৷ ২০০ জিবি পর্যন্ত ডাটা ৰোলঅভাৰৰ অপচনো আছে। ৫৯৯ টকাৰ ৰিচার্জ প্লেনত গ্রাহকে পাব আনলিমিডেট ফ্রী কলিং তথা এছএমএছৰ সুবিধা, ১০০ জিবি ডাটা, জিঅ’ শাৱন, জিঅ’ চিনেমা আৰু জিঅ’ টিভিৰ লগতে নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ ফ্রী চাবস্ক্ৰীপচন ৷ ৫০০ জিবি পর্যন্ত ডাটা ৰোলওভাৰৰ অপচনো আছে ৷ লগতে JioPostpaid Plus family plan-ৰ ল’লে আৰু এখন ছিমকাৰ্ড অর্থাৎ নম্বৰ পোৱাৰ সুবিধা আছে। ৯৯৯ টকাৰ ৰিচার্জ প্লেনত গ্রাহকে পাব আনলিমিডেট ফ্রী কলিং আৰু এছএমএছৰ সুবিধা,২০০ জিবি ডাটা, জিঅ’ শাৱন, জিঅ’ চিনেমা আৰু জিঅ’ টিভিৰ সৈতে নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ ফ্রী চাবস্ক্ৰীপচন ৷ লগতে JioPostpaid Plus family plan-ৰ অপচন ল’লে আৰু দুখন ছিমকার্ড অর্থাৎ নম্বৰ পোৱাৰ সুবিধা পাব। ৫০০ জিবি পর্যন্ত ডাটা ৰোলওভাৰৰ অপচনো আছে ৷ ১,৪৯৯ টকাৰ ৰিচার্জ প্লেনত গ্রাহকে পাব আনলিমিডেট ফ্রী কলিং তথা এছএমএছৰ সুবিধা,৩০০ জিবি ডাটা, জিঅ’ শাৱন, জিঅ’ চিনেমা তথা জিঅ’ টিভিৰ লগতে নেটফ্লিক্স , আমাজন প্রাইম, ডিজনী প্লাছ হটষ্টাৰৰ ফ্রী চাবস্ক্ৰীপচন ৷ লগতে JioPostpaid Plus family plan-ৰ অপচন ল’লে আৰু দুখন ছিমকার্ড অর্থাৎ নম্বৰ পোৱাৰ সুবিধাও আছে। আছে ৫০০ জিবি পর্যন্ত ডাটা ৰোলওভাৰৰ অপচনো।

Disclaimer:News18.com is part of Network18 Media & Investment Limited which is owned by Reliance Industries Limited that also owns Reliance Jio.
First published: