ভাৰতত ৫–জি নেটৱৰ্কৰ সম্প্ৰসাৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে জিঅ' প্লেটফৰ্ম (Jio Platforms )। এই প্ৰসংগত জিঅ' প্লেটফৰ্মে ৫–জি নেটৱৰ্ক (5G network ) পৰীক্ষণৰ বাবে ইউ কে বেছ কোম্পানী স্পাইৰেণ্ট (Spirent Communications)ৰ সহায় লৈছে। আই টি কোম্পানী স্পাইৰেণ্টে বুধবাৰে উল্লেখ কৰে যে ৱৰ্কলোড আৰু ট্ৰেফিকৰ স্থিতিৰ বাবে ক্লাউড আধাৰিত ৫–জি ষ্টেণ্ডএলোন কোৰ নেটৱৰ্কৰ পৰীক্ষাৰ বাবে জিঅ প্লেটফৰ্মৰ সৈতে সহযোগ কৰিছে।
স্পাইৰেণ্টে এক বিবৃতিত কয় যে জিঅ'ৱে কোম্পানীটোৰ প্লেটফৰ্ম লেণ্ডস্লাইড (Landslide)ৰ প্ৰয়োগ কোৰ নেটৱৰ্ক ক্ষমতা পৰীক্ষা কৰাৰ বাবে, ডিভাইছ ডাটা থ্ৰুপুটৰ জোখমাপ কৰাৰ লগতে ৫–জি টেষ্টিঙৰ বাবে প্ৰয়োজনীয় প্ৰায়ভাগ ক্ষেত্ৰতে কৰিব।
আনহাতে এই প্ৰসংগত জিঅ' প্লেটফৰ্মৰ জ্যেষ্ঠ উপ-সভাপতি আয়ুস ভাটনাগৰে (Aayush Bhatnagar) কয়– "স্পাইৰেণ্টৰ সৈতে আমাৰ সহযোগিতা এই উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ। কাৰ্যক্ষমতা আৰু প্ৰদৰ্শনৰ বাবে ৫–জি কোৰ নেটৱৰ্ক বৈধ কৰাত লেণ্ডস্লাইড বিশ্বব্যাপী এক সোণালী প্ৰসংগ, যিয়ে আমাক ৫জি ষ্টেণ্ডএলোন কোৰ নেটৱৰ্কৰ প্ৰতিটো দিশ সফলতাপূৰ্বক বৈধ কৰাবলৈ সক্ষম কৰিব। আমি জিঅ' ৫জি সমাধানৰ লগতে ৫জি ব্যৱহাৰৰ বিভিন্ন দিশক বৈধতা প্ৰদান কৰিবলৈ লেণ্ডস্লাইড সামৰ্থ্য ব্যৱহাৰ কৰাৰ বাবে আশাবাদী।"
স্পাইৰেণ্টৰ উপ-সভাপতি আৰু এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ জেনেৰেল মেনেজাৰ পিটাৰ টেনে কয় যে জিঅ'ই ইয়াৰ আভ্যন্তৰীণ ৫–জি কোৰ নেটৱৰ্কৰ কামত দক্ষতা প্ৰমাণিত কৰাৰ প্ৰয়োজন আছে। আনহাতে সকলো ইণ্টাৰনেট-আধাৰিত সেৱা আগবঢ়োৱাৰ বাবে ব্যৱহৃত এলটিই ৪জি আৰু আইপি মাল্টিমিডিয়া ছাবছিষ্টেম যোগাযোগক ই সমৰ্থন কৰিব লাগিব।
উল্লেখ্য, জিঅ'ৱে দিল্লী, মুম্বাই, গুজৰাট আৰু হায়দৰাবাদত ৫–জি পৰীক্ষাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিছে।
জিঅ'ৰ আন এক অংশীদাৰ এনএক্সপি ছেমিকণ্ডাক্টৰে উল্লেখ কৰে যে মুকেশ আম্বানি নেতৃত্বাধীন টেলিকম প্ৰতিষ্ঠানটোৱে পৰীক্ষাৰ সময়ত প্ৰতি ছেকেণ্ডত ১ গিগাবাইটতকৈ অধিক ডাটা গতি প্ৰাপ্ত কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|