৫ ছেপ্টেম্বৰত ৰিলায়েঞ্চে মুকলি কৰিব জিঅ’ গিগা ফাইবাৰ সেৱা। দেশৰ কেইবাটাও স্থানত ইয়াৰ পৰীক্ষণ চলি আছে। জিঅ’ গিগা ফাইবাৰ সেৱা মুকলি হোৱাৰ পিছতে দেশৰ ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
তিনিটা ডাটা প্লেনৰ সৈতে উপলব্ধ হ’ব জিঅ’ গিগা ফাইবাৰ সেৱা। জিঅ’ গিগা ফাইবাৰ ব্ৰডবেণ্ডৰ সৈতে থাকিব লেণ্ডলাইন ফোনো। প্ৰতিমাহে ৫০০ টকাত পাব 100Pbpsৰ ইণ্টাৰনেট সেৱা। প্ৰতিমাহে ৬০০ টকাত ব্ৰডবেণ্ড, DTH আৰু TV সেৱা। ১০০০ টকা প্ৰতিমাহৰ প্লেনত পাব ব্ৰডবেণ্ড, DTH, TV সেৱা, লেণ্ডলাইন আৰু IoT সেৱা। জিঅ’ গিগা ফাইবাৰৰ ইনষ্টলেচন হ’ব বিনামূলীয়া। থাকিব ভিডিঅ’ কলিঙৰ সুবিধাও। জিঅ’ ছেট টপ বক্সৰ সৈতেও কৰিব পাৰিব ভিডিঅ’ কল।
তদুপৰি, জিঅ’ ফৰএভাৰ এনুৱেল প্লেনৰ সৈতে থাকিব ৱেলকাম অফাৰ। জিঅ’ ফাইবাৰে বিনামূলীয়াকৈ আগবঢ়াব HD/4K টেলিভিছন আৰু 4K ছেট–টপ বক্স।
এই সেৱাৰ জৰিয়তে ৰিলিজ হোৱাৰ দিনাই গ্ৰাহকে ঘৰতে চাব পাৰিব চিনেমা। ৰিলায়েঞ্চৰ ৪২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ
মুকেশ আম্বানীৰ।
১৬০০ চহৰৰ ২০ মিলিয়ন পৰিয়াল আৰু ১৫ মিলিয়ন ব্যৱসায়িক প্ৰতিষ্ঠানক এই সেৱাৰে সামৰাৰ লক্ষ্য ৰিলায়েঞ্চৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|