RIL–এ ৫৮দিনত ১৬৮,৮১৮ কোটি টকা জিঅ’ৰ চুক্তি আৰু ৰাইটছ ইচ্ছ্যুৰ পৰা ৫৩,১২৪.২০কোটি টকা সংগ্ৰহ কৰিলে।
RIL–এ ৫৮দিনত ১৬৮,৮১৮ কোটি টকা জিঅ’ৰ চুক্তি আৰু ৰাইটছ ইচ্ছ্যুৰ পৰা ৫৩,১২৪.২০কোটি টকা সংগ্ৰহ কৰিলে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কোম্পানীৰ ডিজিটেল গোট জিঅ’ত বিশ্বৰ আগশাৰীৰ কোম্পানীৰ বিনিয়োগ আৰু এক মেগা শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে নিৰ্ধাৰিত সময় ২০২১ৰ মাৰ্চ মাহৰ আগতেই ৰিলায়েন্স ঋণমুক্ত হৈ পৰিল।
“আজি মই আনন্দেৰে ঘোষণা কৰিছো যে আমি আমাৰ শ্বেয়াৰহল্ডাৰক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি ৩১মাৰ্চ, ২০২১ৰ পূৰ্বেই ৰিলায়েন্সক ঋণমুক্ত কৰি তুলিছো।” আম্বানীয়ে কয়।
RIL–এ ৫৮দিনত ১৬৮,৮১৮ কোটি টকা জিঅ’ৰ চুক্তি আৰু ৰাইটছ ইচ্ছ্যুৰ পৰা ৫৩,১২৪.২০কোটি টকা সংগ্ৰহ কৰিলে। ইয়াৰ মাজত আছে BPক petro-retail ক্ষেত্ৰৰ অংশীদাৰিত্ব প্ৰদানো। কোম্পানীয়ে মুঠ ১লাখ ৭৫কোটি টকা বিনিয়োগৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা বিবৃতিত প্ৰকাশ কৰা হৈছে।
“আমাৰ শ্বেয়াৰহল্ডাৰসকলৰ প্ৰত্যাশা অতিক্ৰম কৰাটো যে ৰিলায়েন্সৰ আঁহে আঁহে বিদ্যমান সেয়া আকৌ এবাৰ প্ৰমাণ হ’ল। মই আশা কৰিছো যে ৰিলায়েন্সে পৰৱৰ্তী সোণালী দশকত আগতকৈও উচ্চ লক্ষ্য পূৰণত সক্ষম হ’ব। দেশৰ সমৃদ্ধি আৰু উন্নতি সাধনত সকলোকে অংশীদাৰ কৰাৰ আমাৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ সপোন পূৰণ কৰিবলৈ আমি সক্ষম হ’ম।” আম্বানীয়ে কয়।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|