• Home
  • »
  • News
  • »
  • nation
  • »
  • Reliance AGM : দীপাৱলীত মুকলি হ’ব JIO-5G – ৰিলায়েঞ্চৰ AGMত ক’লে মুকেশ আম্বানীয়ে

Reliance AGM : দীপাৱলীত মুকলি হ’ব JIO-5G – ৰিলায়েঞ্চৰ AGMত ক’লে মুকেশ আম্বানীয়ে

মুকেশ আম্বানীয়ে ঘোষণা কৰে – Jio 5Gৰ সৈতে, ৰিলায়েঞ্চে সকলোকে, সকলো স্থানত আৰু সকলো বস্তু উত্তম গুণমান আৰু আটাইতকৈ ইক’নমিকেল ডাটাৰে সংযুক্ত কৰিব।

মুকেশ আম্বানীয়ে ঘোষণা কৰে – Jio 5Gৰ সৈতে, ৰিলায়েঞ্চে সকলোকে, সকলো স্থানত আৰু সকলো বস্তু উত্তম গুণমান আৰু আটাইতকৈ ইক’নমিকেল ডাটাৰে সংযুক্ত কৰিব।

মুকেশ আম্বানীয়ে ঘোষণা কৰে – Jio 5Gৰ সৈতে, ৰিলায়েঞ্চে সকলোকে, সকলো স্থানত আৰু সকলো বস্তু উত্তম গুণমান আৰু আটাইতকৈ ইক’নমিকেল ডাটাৰে সংযুক্ত কৰিব।

  • Share this:
দীপাৱলীৰ পূৰ্বে মুকলি হ’ব JIO-5G সেৱা। এই কথা ঘোষণা কৰিলে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ৰিলায়েঞ্চে ২ লাখ কোটি বিনিয়োগ কৰিছে 5G নেটৱৰ্কত কৰিব।

আম্বানীয়ে কয়, Jio 5G ১০ কোটিৰো অধিক ঘৰত অদ্বিতীয় ডিজিটেল অনুভৱ আৰু স্মাৰ্ট হোম ছলুশ্যনৰে জড়িত কৰিব। ‘আমি লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ী শীৰ্ষত উপনীত কৰোৱাম, তেওঁলোকক ক্লাউডৰ দ্বাৰা দিয়া অত্যাধুনিক, প্লাগ–এণ্ড–প্লে সমাধানৰ সৈতে শক্তিশালী কৰিম।’ – ক’লে মুকেশ আম্বানীয়ে।

মুকেশ আম্বানীয়ে ঘোষণা কৰে – Jio 5Gৰ সৈতে, ৰিলায়েঞ্চে সকলোকে, সকলো স্থানত আৰু সকলো বস্তু উত্তম গুণমান আৰু আটাইতকৈ ইক’নমিকেল ডাটাৰে সংযুক্ত কৰিব। ভাৰতৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰি, আমি বৈশ্বিক বজাৰত ডিজিটেল সমাধান আগবঢ়াবলৈ আত্মবিশ্বাসী।

‘JIO 5G সকলো ফালৰ পৰা সঁচা 5G হ’ব, JIO৫G ষ্টেণ্ডঅনল 5G কৌশল, কেৰিয়াৰ এগ্ৰিগেচন, স্পেকট্ৰামৰ আটাইতকৈ ডাঙৰ আৰু সুন্দৰ মিশ্ৰণ গ্ৰহণ কৰিব। 5G কেৱল একাংশ লোকৰ বাবে নহয়, আমি সৰ্বভাৰতীয় আঁচনি প্ৰস্তুত কৰিম। দিপাৱলীলৈ আমি দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাই মহানগৰসহ কেইবাখনো চহৰত 5G মুকলি কৰিম।’ – ক’লে আম্বানীয়ে।

আম্বানীয়ে কয় – Jio 5Gৰ এক আৰু ৰোমাঞ্চক সম্ভাৱনা আলট্ৰা–হাই–স্পীড ফিক্সড–ব্ৰডবেণ্ড। কিয়নো কোনো তাঁৰ অবিহনে ফাইবাৰৰ দৰে গতি লাভ কৰিব, সেইবাব ইয়াক আমি JioAirFiber বুলি অভিহিত কৰিছো। JioAirFiberৰ সৈতে, নিজৰ ঘৰ বা কাৰ্যালয়ক গিগাবাইট স্পীড ইণ্টাৰনেটেৰে শীঘ্ৰে সংযুক্ত কৰা বাস্তৱত সহজ হৈ পৰিব। সভাত এই মন্তব্য মুকেশ আম্বানীৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি