বীভৎস! প্ৰেম প্ৰস্তাৱক ‘না’ কোৱাই কাল! শিক্ষয়িত্ৰীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকে!

News18 Assam | News18-Assam
Updated:February 3, 2020, 1:55 PM IST
বীভৎস! প্ৰেম প্ৰস্তাৱক ‘না’ কোৱাই কাল! শিক্ষয়িত্ৰীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকে!
মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত সংঘটিত হৈছে এই ঘটনা। ভিকি নামৰ এজন বিবাহিত যুৱকৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। কলেজৰ এগৰাকী অধ্যাপিকাক জ্বলাই হত্যাৰ অপচেষ্টা। 

মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত সংঘটিত হৈছে এই ঘটনা। ভিকি নামৰ এজন বিবাহিত যুৱকৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। কলেজৰ এগৰাকী অধ্যাপিকাক জ্বলাই হত্যাৰ অপচেষ্টা। 

  • Share this:
নাৰীজনিত অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। নিৰ্ভয়াৰ দোষীৰ ফাঁচিক লৈ আইনী জটিলতাৰ মাজত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈয়ে আছে নাৰীজনিত ভয়ংকৰ অপৰাধ। এচিড আক্ৰমণৰ ভয়াৱহতাৰ কথা প্ৰকাশ কৰিবলৈ শেহতীয়াকৈ দীপিকা পাডুকন অভিনীত ‘ছপাক’ মুক্তি লাভ কৰিছিল। যিসকলে চিনেমাখন চাইছে তেওঁলোকে এচিড আক্ৰমণৰ ভয়াৱহতা প্ৰত্যক্ষ কৰি শিয়ৰি উঠিছে। প্ৰেম প্ৰত্যাখ্যান কৰাৰ কাৰণেই মানুহে কিমান বীভৎস কাণ্ড কৰিব পাৰে সেয়া ছবিত দেখুওৱা হ’ল।

এইবাৰ চিনেমা নহয় বাস্তৱ। এগৰাকী কলেজ শিক্ষয়িত্ৰীয়ে প্ৰেমৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ কাৰণেই এজন ২৭বছৰীয়া যুৱকে পেট্ৰ’ল ঢালি জ্বলাই দিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অতি গুৰুতৰ অৱস্থাত শিক্ষয়িত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সোমবাৰে পুৱা ৭বজাত বাছৰ পৰা নামি বাটৰ কাষত ৰৈ আছিল। তেনেকুৱাতে হঠাৎ এজন যুৱকে মটৰবাইক কাষলৈ চপাই হঠাৎ পেট্ৰ’ল ঢালি দিয়াচলাই জ্বলাই অগ্নিসংযোগ কৰে মহিলাগৰাকীক।

নিমিষতে দপদপাই জ্বলি উঠে মহিলাৰ শৰীৰ। ওচৰে পাজৰে মানুহে গোট খাই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও তেতিয়ালৈ সংকটজনক হৈ পৰিছিল মহিলাগৰাকীৰ অৱস্থা। জানিব পৰা মতে মহিলা প্ৰৱক্তাগৰাকীৰ এজন প্ৰেমিক আছেই, কিন্তু যুৱকজনে বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ দি থকাৰ কাৰণে বাৰে বাৰে অস্বীকাৰ কৰি আছিল মহিলাগৰাকীয়ে। তাতেই ক্ষুব্ধ হৈ ভিকি নামৰ যুৱকজনে কৰিলে এই জঘন্য কাণ্ড। ২৪বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ বিয়া আন ঠাইত ঠিক কৰাক লৈ ক্ষুব্ধ হৈছিল ভিকি। আটাইতকৈ আচৰিত কথাটো হৈছে অভিযুক্তজন নিজে বিবাহিত।
আৰু চাওক
পৰৱৰ্তী বাতৰি