মহিলাৰ অভিযোগ- গা ধুই থাকোতে কৰিছিল ভিডিঅ’, ৫ মাহলৈ কৰিলে ধৰ্ষণ, তাৰ পিছত ভিডিঅ’ পঠালে বন্ধুলৈ

মহিলাৰ অভিযোগ ৫ মাহলৈ দুষ্কাৰ্য কৰাৰ পিছত যুৱকজনে ভিডিঅ’ পঠিয়ালে বন্ধুক, তাৰ পিছত বন্ধুয়েও কৰিলে দলবদ্ধ ধৰ্ষণ

news18assam
Updated:May 17, 2019, 11:13 AM IST
মহিলাৰ অভিযোগ- গা ধুই থাকোতে কৰিছিল ভিডিঅ’, ৫ মাহলৈ কৰিলে ধৰ্ষণ, তাৰ পিছত ভিডিঅ’ পঠালে বন্ধুলৈ
মহিলাৰ অভিযোগ ৫ মাহলৈ দুষ্কাৰ্য কৰাৰ পিছত যুৱকজনে ভিডিঅ’ পঠিয়ালে বন্ধুক, তাৰ পিছত বন্ধুয়েও কৰিলে দলবদ্ধ ধৰ্ষণ
news18assam
Updated: May 17, 2019, 11:13 AM IST
ৰাজস্থানৰ ঝুনঝুনুনৰ উদয়পুৰবাটীস্থিত এখন গাঁৱত এগৰাকী মহিলাৰ গা ধোৱাৰ ভিডিঅ’ কৰি ৫ মাহলৈ দুষ্কাৰ্য কৰাৰ অভিযোগত ২জন লোকক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ অঞ্চলটোত পৃথক–পৃথক দল তৈয়াৰ কৰি অভিযান চলাইছিল।

উদয়পুৰবাটীৰ হৰিপুৰাৰ মহিলাগৰাকীয়ে ১০ জানুৱাৰীতে থানাত গোচৰ ৰুজু কৰিছিল। মহিলাগৰাকীৰ অভিযোগ অনুসৰি তেওঁ গা ধুই থকাৰ সময়তে এজন যুৱকে ভিডিঅ’ কৰিছিল আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি ৫ মাহলৈ মহিলাগৰাকীক কৰিলে ধৰ্ষণ।

৫ মাহলৈ ধৰ্ষণ কৰাৰ পিছত লম্পট যুৱকজনে ভিডিঅ’ শ্বেয়াৰ কৰিলে দুজন বন্ধুৰ সৈতে। বন্ধু দুজনেও ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে মহিলাগৰাকীক কৰিলে দলবদ্ধ ধৰ্ষণ। বৰ্তমানলৈ আৰক্ষীয়ে আটক কৰিব পৰা নাই মূল অভিযুক্তক।
আৰু চাওক পৰৱৰ্তী বাতৰি