‘গৰু মাংস খোৱা আদিবাসীৰ অধিকাৰ’ ২ বছৰ পূৰ্বে ফেচবুকত এইদৰে লিখা প্ৰবক্তা গ্ৰেপ্তাৰ

News18-Assam
Updated:May 27, 2019, 8:57 AM IST
‘গৰু মাংস খোৱা আদিবাসীৰ অধিকাৰ’ ২ বছৰ পূৰ্বে ফেচবুকত এইদৰে লিখা প্ৰবক্তা গ্ৰেপ্তাৰ
জামছেদপুৰ আৰক্ষীয়ে ২ বছৰ পূৰ্বে চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল

জামছেদপুৰ আৰক্ষীয়ে ২ বছৰ পূৰ্বে চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল

  • Share this:
ঝাৰখণ্ডত প্ৰবক্তা জীত ৰায়ক ফেচবুক পোষ্ট লিখাৰ ২ বছৰ পিছত গ্ৰেপ্তাৰ কৰা হয়। ২৫ মে’ত আৰক্ষীয়ে ক’লে যে পোষ্টটো লিখাৰ পিছত গোচৰ ৰুজু হৈছিল, তেতিয়াৰে পৰা প্ৰবক্তাগৰাকী পলাতক অবস্থাত আছিল। ২০১৭ৰ মে’ত জীত ৰায়ে এটা পোষ্টত লিখিছিল যে জীৱ–জন্তুৰ বলি আৰু গৰু মাংস খোৱা আদিবাসী উৎসৱ ‘জৌহৰ ডাংগৰী মেদান’ৰ এটা অংশ আৰু এয়া ‘আদিবাসীসকলৰ সাংস্কৃতিক অধিকাৰ।

আদালতৰ তথ্য অনুসৰি, জীতে গৰু হত্যাৰ বিৰুদ্ধে থকা আইন ব্যৱস্থা সন্দৰ্ভত সমালোচনা কৰে। তেওঁ সুধিছিল যে আদিবাসীসকলে ‘হিন্দুৰ দৰে কিয় জীৱন নিৰ্বাহ কৰিব লাগে?’ দ্যা ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপ’ৰ্ট অনুসৰি জামছেদপুৰ আৰক্ষীয়ে IPC ধাৰা 153A, 295A(জানি–বুজি ধাৰ্মিক ভাৱধাৰাক অপমান কৰা) আৰু 505(উচতনিমূলক মন্তব্য কৰা)ক লৈ প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

অগ্ৰিম জামিন নাকচ

জীতৰ অধিবক্তা শাদাব অঞ্চাৰীয়ে ক’লে যে তেওঁৰ অগ্ৰিম জামিনৰ আবেদন এপ্ৰিলতে নাকচ কৰা হৈছে। ১৮ এপ্ৰিলৰ শুনানিত অধিবক্তাই কৈছিলে যে আইনী নিয়মানুসৰি সমালোচনা কেতিয়াও অপৰাধ হিচাপে ধৰিব নোৱাৰি। পূৰ্বেও জিতৰ অগ্ৰিম জামিন নাকচ হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি