ঝাৰখণ্ডৰ সংখ্যালঘূ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হাফিজুল হাছানে শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক মৃত ঘোষণা কৰি এখন শোকসভাৰ আয়োজন কৰে। ৰাঁচীত এক শোকসভাৰ আয়োজন কৰি মন্ত্ৰী হাছানে কয়, "মনমোহন সিঙৰ বিয়োগ সমগ্ৰ ভাৰতৰ বাবেই এক বৃহৎ ক্ষতি। তেওঁ আধুনিক ভাৰতৰ অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণ কৰিছিল।"
একমিনিটৰ মৌনপ্ৰাৰ্থনাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীব্ৰ সমালোচনা কৰে। তেওঁ ভাষণত কয়, "মনমোহন সিঙে ভাৰতৰ অৰ্থনীতি নিৰ্মাণ কৰিছিল আৰু মোদীয়ে ধ্বংস কৰিছে।" কিন্তু ইয়াৰ পিছতে মনমোহন সিং জীৱিত থকাৰ বিষয়ে গম পাই আৰু তেওঁ নিজৰ ভুল ধৰিব পাৰি সামাজিক মাধ্যমত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।
তেওঁ মনমোহন সিঙৰ পৰিয়ালকো এই ভুলৰ বাবে ক্ষমা বিচাৰে। পিছে এগৰাকী মন্ত্ৰীয়ে কৰা এই ভুলৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে বিজেপিয়ে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ৰঘুবৰ দাসে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সুৰেনক তীব্ৰ কটাক্ষ কৰি কয়, "কেইটামান হাতচাপৰি আৰু মোদীক গালি পৰাৰ বাবেই ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰীয়ে এতিয়া জীৱিত ব্যক্তিকো মৃত সজাই শোকসভা পাতে। পিছে মোদী চৰকাৰে মনমোহন সিঙক সুস্থ কৰি তোলাৰ বাবে উন্নত মানৰ চিকিৎসাতহে মন দিছে।" এই ঘটনাই বৰ্তমান সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 17, 2021, 16:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।