এজনী নহয়, দুজনী প্ৰেমিকাক বিয়া পাতিলে এজন যুৱকে। সমাজক সাক্ষী কৰি একেদিনাই দুয়োগৰাকীকে নিজৰ কৰি ল’লে যুৱকজনে। তিনিওৰে সন্মতিত সম্পন্ন হয় এই বিয়া। এই বিয়াৰ খবৰ এতিয়া ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশত।
ঘটনাটো ঝাৰখণ্ডৰ লোহাৰডাগাৰ। যুৱকজনৰ নাম সন্দীপ ওৰাও। জানিব পৰা মতে, তিনি বছৰ ধৰি কুসুম লাকৰা নামৰ এগৰাকী যুৱতীৰ সৈতে লিভইনত আছিল সন্দীপ। তেওঁলোকৰ এটি সন্তানো আছে। কিন্তু বিগত বছৰত পশ্চিম বংগৰ এটা ইটা ভাতাত কাম কৰিবলৈ আহে সন্দীপ। তাতেই তেওঁৰ প্ৰেম হয় সাথী কুমাৰী নামৰ আন এগৰাকী যুৱতীৰ সৈতে। দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িল। পৰৱৰ্তী সময়ত তেওঁলোকৰ সম্পৰ্কৰ কথা পৰিয়ালৰ লোকেও গম পালে। এই সম্পৰ্কক লৈ আপত্তি কৰিলে গাঁওবাসীয়ে।
বিষয়টোৱে পঞ্চায়ত পৰ্যন্ত পালেগৈ। অৱশেষত সন্দীপে সিদ্ধান্ত ল’লে, দুয়োগৰাকীকে বিয়া পাতিব তেওঁ। এই সিদ্ধান্তত সন্মতি জনালে দুই প্ৰেমিকাৰ লগতে তেওঁৰ পৰিয়ালেও।
বিয়াৰ পিছত সন্দীপে সংবাদ মাধ্যমৰ আগত কয়, দুগৰাকী বিয়া পাতিলে আইনী মেৰপেঁচত সোমাব পাৰে তেওঁ। কিন্তু তেওঁ দুয়োগৰাকীকে ভাল পায়। তেওঁলোকৰ কোনো এগৰাকীকে এৰিব নোৱাৰে। সেয়ে দুয়োগৰাকীকে নিজৰ কৰি লয় তেওঁ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 21, 2022, 16:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।