নিজৰ ধৰ্ম লুকুৱাই মুছলমান যুৱকে বিয়াৰ নামত প্ৰতাৰণা কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰক!
News18-Assam Updated:July 28, 2019, 5:37 PM IST

ৰকিবুল হাছান নামৰ মুছলমান লোকজনে নিজক ৰঞ্জিত কোহলী বুলি পৰিচয় দি বিবাহ কৰাইছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ ‘Tara Shahdeo’ক
ৰকিবুল হাছান নামৰ মুছলমান লোকজনে নিজক ৰঞ্জিত কোহলী বুলি পৰিচয় দি বিবাহ কৰাইছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ ‘Tara Shahdeo’ক
- News18 Assam
- Last Updated: July 28, 2019, 5:37 PM IST
ঘটনা সংঘটিত হৈছিল আজিৰ পৰা পাচঁ বছৰৰ আগতেই। Tara Shahdeo এ এই সংক্ৰান্তত ২০১৪ চনত ঝাৰখণ্ডৰ ৰাঁচীত ৰকিবুল হাছানৰ লগত বিবাহ বিচ্ছেদৰ আৱেদন কৰাৰ লগতে এনেদৰে মিছা কথাৰে বিবাহ কৰোৱাৰ বাবে ৰকিবুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ২০১৫ চনত দুয়োটা গোচৰ চিবিআইৰ অধীনলৈ যায়। যোৱা জুনৰ ২৭ তাৰিখে চিবিআইৰ আদালতে Tara Shahdeo ৰ আৱেদনৰ ভিত্তিত তেওঁলোকৰ বিবাহ বিচ্ছেদক মঞ্জুৰ কৰে। কিন্তু বিবাহৰ নামত প্ৰতাৰণা কৰাৰ গোচৰ এতিয়াও আদালতৰ অধীনত আছে।
এতিয়া আদালতে হাছানক সহায় কৰা আৰু চাৰিজন লোকৰ বিৰুদ্ধেও ৰুজু কৰিছে গোচৰ। অহা ২৩ আগষ্ট দুয়োপক্ষৰ পৰা গ্ৰহণ কৰা হ’ব ঘটনা সংক্ৰান্তত সাক্ষ্য।