মুখ্যপৃষ্ঠা »খবৰ »দেশ »১৯৩২ চনক ভিত্তিবৰ্ষ হিচাপে লৈ স্থানীয় লোকৰ সংজ্ঞা নিৰূপণ ঝাৰখণ্ড কেবিনেটৰ

১৯৩২ চনক ভিত্তিবৰ্ষ হিচাপে লৈ স্থানীয় লোকৰ সংজ্ঞা নিৰূপণ ঝাৰখণ্ড কেবিনেটৰ

বিধানসভাত গৃহীত হোৱাৰ পিছত হেমন্ত ছোৰেন চৰকাৰে আইন দুখন ৰাজ্যপালৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব।

বিধানসভাত গৃহীত হোৱাৰ পিছত হেমন্ত ছোৰেন চৰকাৰে আইন দুখন ৰাজ্যপালৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব।

বিধানসভাত গৃহীত হোৱাৰ পিছত হেমন্ত ছোৰেন চৰকাৰে আইন দুখন ৰাজ্যপালৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব।

  • Share this:
যি সময়ত অসমত ভিত্তিবৰ্ষ নতুন পৰ্যালোচনাৰে নিৰূপণক লৈ উচ্চতম ন্যায়ালয়ত সাংবিধানিক বিচাৰপীঠ গঠন হৈছে; সেই সময়ত ঝাৰখণ্ড কেবিনেটে ১৯৩২ চনক ভিত্তিবৰ্ষ হিচাপে অনুমোদন প্ৰদান কৰিছে। লগতে ৫০ শতাংশৰ পৰা ৬৭ শতাংশলৈ আৰক্ষণ বৃদ্ধিৰ এখন বিধেয়কৰ খচৰাত অনুমোদন প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে।

জানিব পৰা মতে, বিধানসভাত গৃহীত হোৱাৰ পিছত হেমন্ত ছোৰেন চৰকাৰে আইন দুখন ৰাজ্যপালৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। লগতে কেন্দ্রক এক সংবিধান সংশোধন আইনৰ যোগেদি আইন কেইখন সংবিধানৰ নৱম অনুসূচী অন্তৰ্ভুক্ত কৰি ন্যায়িক পৰ্যালোচনাৰ পৰা মুক্ত কৰিবলৈও প্ৰস্তাৱ প্ৰেৰণ কৰিব।

এই প্ৰস্তাৱিত আইন মতে, যিসকল লোকৰ পৰিয়ালৰ ১৯৩২ চন বা তাৰ পূৰ্বৰ মাটিৰ দলিলত নাম আছে সেইসকলকহে স্থানীয় লোকৰ মৰ্যাদা প্ৰদান কৰা হ’ব। Local Resident of Jharkhand Bill 2022ত উল্লেখ কৰা মতে ঝাৰখণ্ডৰ স্থানীয় ব্যক্তিৰ সংজ্ঞা আৰু পৰিচয়ৰ কাৰণে তথা স্থানীয় লোকৰ কাৰণে নিৰ্ধাৰিত সামাজিক, সাংস্কৃতিক লাভালাভ স্থানীয় লোকলৈ সম্প্ৰসাৰিত কৰিবলৈ এই বিধেয়ক উত্থাপন কৰা হৈছে।

উল্লেখযোগ্য যে পূৰ্বৰ বিজেপিৰ চৰকাৰে স্থানীয় নিবাসী নিৰ্ধাৰণ কৰিবলৈ ৬টা বিশেষ নিয়ম প্ৰণয়ন কৰিছিল। কিন্তু বিশেষজ্ঞই নিয়মসমূহ আসোঁৱাহপূৰ্ণ বুলি মন্তব্য কৰিছিল কাৰণ তেওঁলোকৰ মতে সেই নিয়মে জনজাতীয় লোকসকলক অগ্ৰাধিকাৰ দিয়া নাছিল।

শেহতীয়া বাতৰি